কেনে হ'ব বাজেট!

কেনে হ'ব বাজেট!
কেনে হ'ব বাজেট!editorial

আজি ড° হিমন্তবিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে তেওঁলোকৰ দ্বিতীয়খন পূর্ণাংগ বাজেট অসম বিধানসভাত দাখিল কৰিব। ৰাজ্যখনৰ বিত্তীয় অৱস্থা বৰ সুস্থিৰ হৈ থকা নাই। চৰকাৰী কৰ্মচাৰীখিনিয়ে নিয়মিতভাৱে দা-দৰমহা লাভ কৰা মানেই চৰকাৰৰ বিত্তীয় অৱস্থা ভাল বুলি ক'ব নোৱাৰি।

ইফালে চৰকাৰেও বিভিন্ন উন্নয়নমূলক আঁচনিৰ অধীনত শ শ কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰিছে যদিও দৰাচলতে এক বৃহৎ ঋণৰ বোজা মূৰত লৈ চৰকাৰখন আগবাঢ়িছে। চৰকাৰৰ বিত্তীয় পৰামৰ্শদাতাসকলে এইকথা স্বীকাৰ নকৰিব পাৰে, কিন্তু ৰাজ্য চৰকাৰখনৰ বিত্তীয় কাম-কাজবোৰ যে কেৱল ঋণৰ পুঁজিৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিছে, সেই কথা আৰু লুকাই থকা নাই।

বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী বিত্তীয় দিশত যথেষ্ট অভিজ্ঞতাসম্পন্ন ব্যক্তি। কাৰণ বিগত প্রায় বিশটা বছৰ তেওঁ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৰাজ্য চৰকাৰৰ বিত্তীয় বিভাগটো পৰিচালনা কৰাৰ সুযোগ পাইছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো বেছিভাগ সময় তেৱেঁই বিত্ত বিভাগটো চোৱা- চিতা কৰিছিল।

মুখ্যমন্ত্ৰী হিচাপে তেওঁ বিত্ত বিভাগৰ দায়িত্বত নাই যদিও বিত্ত মন্ত্ৰীয়ে তেওঁৰ পৰামৰ্শ মতেই বিভাগটো পৰিচালনা কৰিছে। সামগ্ৰিকভাৱে অসম বিধানসভাত ড° শৰ্মাই কেইবাবাৰো আনুষ্ঠানিকভাৱে বাজেট দাখিল কৰিছে।

প্ৰয়াত তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ ওপৰতে বিত্ত বিভাগৰ সমস্ত কাম-কাজৰ দায়িত্ব অর্পণ কৰিছিল। মুখ্যমন্ত্ৰী ড° শৰ্মাই তেওঁৰ দিনত বাজেটৰ আকাৰ এক লাখ কোটিলৈ বৃদ্ধি কৰাৰ কৃতিত্ব অৰ্জন কৰিছে।

প্ৰায় প্ৰতিখন বাজেটৰ জৰিয়তে তেওঁ বিভিন্ন হিতাধিকাৰীমূলক আঁচনিৰ কথা ঘোষণা কৰি গৈছে। সেয়া লাগিলে পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ দিনতেই হওক বা বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ সময়তেই হওক, ড° শৰ্মাই ৰাজ্যিক বাজেটৰ ক্ষেত্ৰত কেতবোৰ নতুন নতুন বিষয় সন্নিবিষ্ট কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁ অসমখনক দেশৰ প্ৰথম পাঁচখন উন্নত ৰাজ্যৰ এখন হিচাপে গঢ়ি তোলাৰ লক্ষ্য হাতত লোৱাৰ কথাও ঘোষণা কৰি আহিছে।

কিন্তু এই লক্ষ্য পূৰণ কেবল হিতাধিকাৰী সৃষ্টিৰ দ্বাৰা সম্ভৱ হ'বনে? আমাৰ ৰাজ্যখনত যিমানবোৰ হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণ কৰা হৈছে, জনসংখ্যাৰ হিচাপত সেয়া বোধহয় দেশৰ অইন ৰাজ্যৰ তুলনাত অসমখন বহু ওপৰত থাকিব। মুঠতে হিতাধিকাৰীৰ সংখ্যাই এই কথা সূচায় যে অসমখন দেশৰ ভিতৰতে এখন পিচপৰা ৰাজ্য।

বিভিন্ন সমীক্ষাৰ তথ্যয়ো এইকথা প্রমাণ কৰিছে। অসমৰ জনমুৰি আয় দেশৰ বেছিভাগ ৰাজ্যৰ তুলনাত এতিয়াও নিম্ন। কিন্তু ড° শৰ্মাৰ আমোলত ৰাজ্যখনৰ জনমূৰি ঋণৰ পৰিমাণ প্রায় ৩৭ হেজাৰ টকালৈ বৃদ্ধি পাইছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ৰাজ্য চৰকাৰে লোৱা ১,৬০০ কোটি টকাৰ ঋণৰ হিচাপ সংলগ্ন কৰিলে ৰাজ্য চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ হ'বগৈ এক লাখ বত্ৰিশ হেজাৰৰো অধিক।

যোৱা সাত বছৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ আমোলত জনমূৰি ঋণৰ পৰিমাণ প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে। এক হিচাপমতে ৰাজ্য চৰকাৰখনে ৰাজ্যিক বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা বিভাগে বান্ধি দিয়া ঋণৰ উচ্চ সীমাকো অতিক্ৰম কৰিবলৈ লৈছে। অর্থাৎ ঋণ লোৱাৰ ক্ষেত্ৰত চৰকাৰৰ নীতি আর্থিক প্ৰগতিৰ পৰিপন্থী।

কাৰণ এখন চৰকাৰ ঋণৰ পুঁজিৰ ওপৰত নিৰ্ভৰশীল হ'লে কোনোপধ্যেই আর্থিক প্ৰগতি আহিব নোৱাৰে। অসমৰ মুঠ ঘৰুৱা উৎপাদন, ৰাজহ বৃদ্ধিৰ উৎস আদি সীমিত। সৰ্বসাধাৰণৰ ক্ৰয় ক্ষমতাও একেবাৰে নিম্ন পর্যায়ত আছে। ৰাজ্যখনত ব্যাপক ৰূপত ঔদ্যোগিকীকৰণৰ পৰ্যাপ্ত সা-সুবিধা নাই।

ৰাজ্যৰ অর্থনীতিত এক বিশেষ ভূমিকা পালন কৰি অহা চাহ আৰু তৈল উদ্যোগৰ ওপৰতো ক্ৰমান্বয়ে চৰকাৰৰ নিয়ন্ত্ৰণ নোহোৱা হৈ পৰিছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলো নানা সমস্যাৰে ভাৰাক্ৰান্ত। নামনি আৰু মধ্য অসমৰ কৃষক ৰাইজ এতিয়া বহু প্ৰত্যাহ্বানৰ মুখামুখি হ'ব লগাত পৰিছে।

ভূমিৰ সমস্যা, জলসিঞ্চনৰ সমস্যা, বিপণনৰ সমস্যাই খেতিয়কক ঢোকে ঢোকে পানী খুৱাইছে। চৰকাৰে বিভিন্ন সমবায় সমিতিৰ জৰিয়তে বহু ঠাইত কৃষি পাম গঢ়ি তুলিছে যদিও প্রকৃতার্থত সেইবোৰে লাভৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই। চৰকাৰে কৃষিখণ্ডত এক বিজ্ঞানসম্মত উৎপাদনশীল ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত মনোনিবেশ কৰা নাই।

কেৱল চমক সৃষ্টিৰে জনসাধাৰণক আশ্বস্ত কৰাতহে ব্যস্ত হৈ পৰিছে। ৰাজ্যৰ কোনো এখন বাজেটতে আজিলৈকে কৃষিখণ্ডক উপযুক্ত গুৰুত্ব দিয়া হোৱা নাই। ইফালে হিতাধিকাৰীমূলক আঁচনিকেইখনৰ বাহিৰে ৰাজ্য চৰকাৰৰ হাতত এতিয়ালৈকে কোনো গুৰুত্বপূৰ্ণ আঁচনি নাই।

তাৰ বাহিৰে যিবোৰ আঁচনি ৰূপায়ণ কৰা হৈ আছে, সেই সকলোবোৰেই কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। চলিত বিত্তীয় বৰ্ষটোৰ শেষৰফালে ৰাজ্য চৰকাৰে কেইবাখনো জিলাৰ বিকাশৰ বাবে কেইবাশ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে। সেইদিশত আধাৰশিলা আদিও স্থাপন কৰা হৈছে কিন্তু সেই পেকেজৰ অধীনত যিবোৰ আঁচনি লোৱা হৈছে, তাৰ পুঁজি আবণ্টন সম্পৰ্কীয় সবিশেষ খবৰ ওলোৱা নাই।

কথা হ'ল উক্ত আঁচনিসমূহে বিকাশৰ বাবে প্ৰয়োজনীয় বিষয়বোৰক সামৰি লৈছেনে? ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য, শিক্ষাখণ্ডৰ অধীনত প্ৰয়োজনীয় নিযুক্তি ব্যৱস্থা কৰা, জহি-খহি যোৱা হাস্পতাল, স্কুলগৃহ আদিৰ পুনৰ নিৰ্মাণ কৰা, জলসিঞ্চনৰ পৰ্যাপ্ত ব্যৱস্থা কৰা, কৃষিজাত সামগ্ৰীৰ নিয়ন্ত্ৰিত বজাৰ সৃষ্টি কৰাকে ধৰি বুনিয়াদী বিষয়বোৰক কিমানখিনি গুৰুত্ব দিছে, সেয়া ভাবি চাবিলগীয়া বিষয়।

চৰকাৰীভাৱে বিধানসভাৰ মজিয়াত কোৱা হৈছে যে ৰাজ্যত শিক্ষিত নিবনুৱাৰ সংখ্যা বাৰ লাখ বত্ৰিশ হেজাৰৰো অধিক। কিন্তু আচলতে ৰাজ্যত কর্মহীন লোকৰ সংখ্যা ২২ লাখতকৈ অধিক । শেহতীয়া হিচাপ অনুসৰি ৰাজ্যত নিবনুৱাৰ হাৰ ১৪ শতাংতকৈও বেছি।

এই বৃহৎ অংশৰ লোকৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ হাতত বাস্তব কর্মসূচী থাকিব লাগিব। সেইফালৰ পৰা ৰাজ্য চৰকাৰখনৰ প্ৰধান কামটোৱেই হ'ব লাগিব নিবনুৱাৰ কর্মসংস্থান। কিন্তু যোৱা প্রায় সাত বছৰৰ বাজেটত নিবনুৱাৰ কৰ্মসংস্থাপনক লৈ কোনোধৰণৰ কাৰ্যকৰী আঁচনি সন্নিৱিষ্ট হোৱা নাই।

ক্রমবর্ধমান মূল্যবৃদ্ধিৰ এই যুগত ৰাজ্য চৰকাৰে আৰ্থিকভাবে দুর্বল তথা নিশকতীয়া শ্ৰেণীৰ লোকৰ সামাজিক সুৰক্ষাৰ দিশটোক অধিক গুৰুত্ব দিব লাগিব। ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত অস্থায়ী আৰু নিৰ্ধাৰিত মজুৰিপ্ৰাপ্ত শ্রমিক-কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰা, বৃদ্ধ পেলনৰ নিৰিখ বঢ়োৱা, গাঁওবুঢ়াসকলৰ চাকৰিৰ আৰ্থিক নিৰাপত্তা দিয়া আদি বিষয়বোৰক বাজেটত সঠিক ৰূপত উপস্থাপন কৰিব পাৰিব লাগিব।

এইদৰে অসমখনক এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত এইবাৰৰ বাজেটে কি ধৰণৰ ভূমিকা লয়, সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব।

কেনে হ'ব বাজেট!
কাৰ্বি আংলঙত বুজন পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in