ডিজিটেল ডেস্কঃ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে খালিস্তানি সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ বাবে ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।তাৰপাছতে দেশ দুখনৰ মাজত সম্পৰ্ক কিছু পৰিমাণে অৱনতি ঘটা পৰিলক্ষিত হয়।
ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কানাডাত বাস কৰা ,ভ্ৰমণ কৰা বা ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে এক পৰামৰ্শ জাৰি কৰিছে। ভাৰত বিৰোধী কাৰ্যকলাপ, অপৰাধমূলক হিংসা আৰু ঘৃণামূলক অপৰাধ বৃদ্ধি হোৱাৰ বাবে কানাডাত অত্যাধিক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।
কানাডাৰ যিসমূহ ঠাইত ভাৰত বিৰোধী কাৰ্যাকালাপ সংঘটিত হৈ আছে সেই ঠাইলৈ ভ্ৰমণ পৰিহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে । কানাডাত আইন-শৃংখলাৰ অৱনতিৰ পৰিপ্ৰেক্ষিতত, ভাৰতীয় শিক্ষাৰ্থীসকলক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
ভাৰত চৰকাৰে কানাডাৰ প্ৰধানমন্ত্ৰীৰ অভিযোগসমূহ সম্পূৰ্ণৰূপে নাকচ কৰিছিল। ইয়াৰ পিছত কানাডাই ভাৰতীয় কূটনীতিবিদজনক বহিষ্কাৰ কৰিছিল আৰু পাছত ভাৰতে জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদজনক ৫দিনৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল।
উল্লেখ্য় যে, এই সমূহ ঘটনাৰাজিৰ পূৰ্বে কানাডাই নিজৰ দেশৰ নাগৰিকসকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ আগবঢ়াছিল। কানাডাই নাগৰিকসকলক ভাৰত ভ্ৰমণৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছিল। ভ্ৰমণ পৰামৰ্শত নাগৰিকসকলক জম্মু আৰু কাশ্মীৰ, অসম, মণিপুৰ আদি ঠাইসমূহ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছিল।