/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3c1751d7-e400-40b6-9fec-34ae3bafcc69/AP_FOR_WEB_ganesh.jpg)
ডিজিটেল ডেস্ক : সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ বাসগৃহত প্ৰতিবছৰে পালন কৰি অহা হৈছে গণেশ চতুৰ্থী। জয়ন্ত বৰুৱা আৰু পৰিয়ালবৰ্গই অসমবাসীৰ লগতে সাদিন-প্ৰতিদিন গোষ্ঠীৰ সৰ্বমংগল কামনা কৰি মংলবাৰে আদিপূজ্য দেৱতা শ্ৰীগণেশ চতুৰ্থী তিথি পালন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b0110163-ffc8-4f9e-a99d-e7adea05f125/19b98212_f3b6_4091_8bb7_70d95dcc9a60.jpg)
এই পৱিত্ৰ দিনটোতেই অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ কাৰ্য্যালয়ৰ সাংবাদিক তথা কৰ্মকৰ্তাসকলেও এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে গণেশ চতুৰ্থী পালন কৰে। ইফালে বুধবাৰে প্ৰতিমা বিসৰ্জন পৰ্ব উপলক্ষে শংখ,ভোৰতাল,বৰকাঁহ আদি বজাই এক মাংগলিক পৰিৱেশৰ মাজেৰে শ্ৰীগণেশৰ প্ৰতিমূৰ্তি বিসৰ্জন দিয়াৰ দিহা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1c769550-27aa-4189-a489-3316ad880675/78d6bb49_b446_4b8a_9d07_b445b5ca163f.jpg)
মূৰ্তি বিসৰ্জনৰ প্ৰাকক্ষণত অসমীয়া প্ৰতিদিনৰ কাৰ্য্যালয়লৈ অনা হয় গণেশ দেৱতাৰ মৃণ্ময় মূৰ্তি। সেয়েহে এই পবিত্ৰক্ষণত অসমীয়া প্ৰতিদিনৰ সম্পাদক তথা অধ্যক্ষ জয়ন্ত বৰুৱা,অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড০ মালিনী গোস্বামী,সঞ্চালক ঋষি বৰুৱা,সহযোগী সম্পাদক প্ৰকাশ মহন্ত,মানসী বায়নকে ধৰি সমূহ সাংবাদিক তথা কৰ্মকৰ্তাই সেৱা জনাই আশীষ-নিৰ্মালী গ্ৰহণ কৰে।
লগতে সাদিন-প্ৰতিদিন গোষ্ঠীৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই বছৰটো যাতে কুশলে পাৰ হয়,অপায়-অমংগল বিনাশী শান্তিয়ে বিৰাজ কৰে; তাৰ প্ৰতি আদি পূজ্য দেৱতা শ্ৰীগণেশৰ প্ৰতিমূৰ্তিত সেৱা জনাই ভকতিৰ অৰ্ঘ্য নিবেদন কৰে।