চলিত বৰ্ষত বাংলাদেশত ৩২,৪০৮ টা মণ্ডপত অনুষ্ঠিত হ'ব দুৰ্গা পূজা

চলিত বৰ্ষত বাংলাদেশত ৩২,৪০৮ টা মণ্ডপত অনুষ্ঠিত হ'ব দুৰ্গা পূজা

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে বাংলাদেশতো উদযাপন হ'ব দুৰ্গাপূজা। ইয়াক লৈ বাংলাদেশত হিন্দু বঙালী সম্প্ৰদায়ৰ লোকসকলৰ মাজত দেখা গৈছে অপৰিসীম আনন্দ-উৎসাহ।

পূৰ্বৰ তুলনাত এইবাৰ বাংলাদেশত বৃদ্ধি পাইছে পূজা মণ্ডপৰ সংখ্যা। চলিত বৰ্ষত প্ৰায় ৩২,৪০৮ খনকৈ পূজা অনুষ্ঠিত হ'ব চুবুৰীয়া ৰাষ্ট্ৰখনত। ৰাজধানী ঢাকাত প্ৰায় ২৪৬ টা পূজা মণ্ডপ তৈয়াৰ হৈছে।

বাংলাদেশ পূজা উদজাপান পৰিষদৰ সাধাৰণ সম্পাদক চন্দ্ৰনাথ পোদ্দাৰে কয় যে সমগ্ৰ দেশখনত ৩২,৪০৮ টা পেণ্ডেলত দুৰ্গা পূজা অনুষ্ঠিত হ'ব। ৰাজধানী ঢাকাত, পূজা ২৪৬ টা পেণ্ডেলত পূজা অনুষ্ঠিত হ'ব। যোৱা বছৰ সমগ্ৰ দেশৰ ৩২,১৬৮ টা মণ্ডপ আৰু ৰাজধানীত ২৪১ টা মণ্ডপত পূজা হৈছিল।

দুৰ্গা পূজা উপলক্ষে ঢাকাকে ধৰি সমগ্ৰ দেশৰ প্ৰতিটো পেণ্ডেলৰ নিৰাপত্তা বজাই ৰখাৰ বাবে আৰক্ষীকে ধৰি বিভিন্ন নিৰাপত্তাৰক্ষী সমূহ কৰ্তব্যত থাকিব। বাংলাদেশ পূজা উদযাপান পৰিষদৰ মতে, আগন্তুক দুৰ্গা পূজা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে গৃহ মন্ত্ৰালয়, আৰক্ষী মুখ্য কাৰ্যালয়, ধৰ্ম মন্ত্ৰালয়, মেট্ৰ'পলিটান আৰক্ষী আয়ুক্ত, নৌ আৰক্ষীৰ সৈতে ইতিমধ্যে এখন বৈঠক অনুষ্ঠিত হৈছে।

পূজাৰ উপৰিও ঢাকেশ্বৰী ৰাষ্ট্ৰীয় মন্দিৰ মণ্ডপত ভক্তিমূলক সংগীতানুষ্ঠান, বস্ত্ৰ বিতৰণ, মহাপ্ৰসাদ বিতৰণ, আৰতি প্ৰতিযোগিতা, স্বেচ্ছামূলক ৰক্তদান আৰু বিজয়া শোভাযাত্ৰা অনুষ্ঠিত হ'ব।

পাঁচ দিনীয়া কাৰ্যসূচীৰে পালন হব শাৰদীয় দুৰ্গোৎসৱ। বিভিন্ন ৰীতি-নীতিৰে এই পূজা পালন কৰা হব। কাইলৈ ষষ্ঠীৰ দিনা দেৱীক মণ্ডপত অধিষ্ঠিত কৰা হ'ব। শৰৎ কালৰ দুৰ্গা পূজাই সকলোৰে মাজত শান্তি আৰু ঐক্যৰ বাৰ্তা প্ৰচাৰ কৰে।

প্ৰতিবছৰে মা দুৰ্গাই নিজৰ সন্তানৰ সৈতে বাহনত আহে। এইবাৰ মা দুৰ্গাই ঘোৰাত ধৰালৈ আহিছে। এই ঘোৰা বিবাদৰ প্ৰতীক আৰু ইয়াক অশুভ বুলি গন্য কৰা হয়।তথাপিও উৎসৱটো অতি জাক জমকতাৰে পালন কৰা হ'ব।

চলিত বৰ্ষত বাংলাদেশত ৩২,৪০৮ টা মণ্ডপত অনুষ্ঠিত হ'ব দুৰ্গা পূজা
কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in