/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/678f0e04-952d-4e29-97f5-58511d660018/12.jpg)
ডিজিটেল সংবাদ, ঢাকাঃ দুৰ্গোৎসৱৰ অন্তত মঙলবাৰে বাংলাদেশত উদযাপন কৰা হয় বিজয়া দশমী। দশমীৰ সন্ধ্যা ভক্তসকলৰ চকুলোৰে স্নান কৰি দেৱী দুৰ্গা মৰ্ত্য জগত এৰি কৈলাসালৈ উভতি যাব।
বিজয়া দশমী উপলক্ষে পূজা মণ্ডপসমূহত ভক্তসকলে সেন্দুৰ খেলাও পৰিলক্ষিত হৈছে। মহিলাসকলে নিজৰ মাজতে সেন্দুৰ বিনিময় কৰি নিজৰ স্বামীৰ দীৰ্ঘায়ু কামনা কৰে।
মঙলবাৰে পুৱা ৯ বজাৰ পৰা দশমী পূজাৰ শেষত দৰ্পন-বিসৰ্জন আগবঢ়োৱা হৈছে। বাংলাদেশত মা দুৰ্গাৰ বিদায়ৰ মুহূৰ্তত ভক্তসকলৰ মাজত বিদায়ৰ বেদনা দেখা গৈছে। তাৰোপৰি বহু ভক্তই দুৰ্গা মাৰ বিদায় মুহুৰ্তত চকুলো টুকিছে। দেৱী মা যোৱাৰ সময়ত ঢাক আৰু শংখৰ ধ্বনিৰে মুখৰিত হৈছে প্ৰতিখন পূজা মণ্ডপ।
Also Read: বিজয়া দশমী উপলক্ষে মহানগৰ আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা