বিজয়া দশমী উপলক্ষে মহানগৰ আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা

বিজয়া দশমী উপলক্ষে মহানগৰ আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা

ডিজিটেল ডেস্কঃ বিজয়া দশমী উপলক্ষে মঙলবাৰৰ বাবে মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে বিশেষ পথ নিৰ্দেশনা। গুৱাহাটী মহানগৰীৰ যান-জঁটৰ নিয়ন্ত্ৰণৰ বাবে মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে এই নিৰ্দেশনাসমূহ।

নিৰ্দেশনা অনুসৰি বিসৰ্জনৰ বাহনসমূহ দুপৰীয়া ১২ বজাৰ পৰা যাব পাৰিব বিসৰ্জনস্থলীলৈ। কেৱল প্রতিমা বিসৰ্জনৰ বাহনহে উচ্চতম ন্যায়ালয় হৈ লাচিতঘাটলৈ যাব পাৰিব। আনহাতে প্রতিমা বিসৰ্জনৰ বাহন উলুবাৰী, টিচি ৰোডলৈ যাব নোৱাৰিব।

তদুপৰি বি বৰুৱা ৰোড প্রতিমা বিসৰ্জনৰ বাহনৰ বাবে সম্পূৰ্ণ বন্ধ থাকিব। লগতে পাণ্ডু ঘাটলৈ কোনো বাহন মালিগাঁও হৈ যাব নোৱাৰিব বুলিও মহানগৰ আৰক্ষীয়ে নিৰ্দেশনা যোগে জনাইছে।

বিজয়া দশমী উপলক্ষে মহানগৰ আৰক্ষীৰ বিশেষ পথ নিৰ্দেশনা
আজি বিজয়া দশমী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in