আজি বিশ্ব জল দিৱস, ছোমালিয়াত জল সংকটত এবছৰত প্ৰাণ হেৰুৱালে ৪৩,০০০ লোকে

আজি বিশ্ব জল দিৱস, ছোমালিয়াত জল সংকটত এবছৰত প্ৰাণ হেৰুৱালে ৪৩,০০০ লোকে

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২২ মাৰ্চৰ দিনটো সমগ্ৰ বিশ্বতে স্বচ্ছ খোৱাপানীৰ প্ৰয়োজনীয়তাৰ ওপৰত অৱলোকন কৰি বিশ্ব জল দিৱস ৰূপে পালন কৰি আহিছে । কেৱল সেয়াই নহয় বৰং খোৱাপানী সংৰক্ষণৰ বহনক্ষম ব্যৱস্থা এটি গঢ়ি তোলাৰ বাবেও ৰাষ্ট্ৰসংঘই উৎসাহ যোগাই আহিছে বিশ্ববাসীক ।

কিন্তু এই দিনটোৰ গুৰুত্ব জানো সকলোৱে অনুধাৱন কৰিছে বৰ্তমানলৈ । এক প্ৰখ্যাত আন্ত:ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে যুগুত কৰা বাতৰি অনুসৰি কেৱল জল সংকটৰ বাবেই বিগত বছৰটোত ছোমালিয়াত হেৰুৱালে ৪৩ হাজাৰ লোকে প্ৰাণ । ইয়াৰ অৰ্ধেক সংখ্যকেই আছিল শিশু । যি সকলৰ বয়স আছিল ৫ বছৰতকৈও কম । এই তথ্য দাখিল কৰিছে খোদ বিশ্ব স্বাস্থ্য সংস্থাই ।

এই ভয়াৱহতাৰ এতিয়াও পৰা নাই অন্ত । ২০২৩ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈ প্ৰতিদিনেই প্ৰায় ১৩৫ গৰাকী লোকে জল সংকটৰ বাবে প্ৰাণ হেৰুৱাব বুলিও আশংকা প্ৰকাশ কৰিছে সংস্থাটোৱে । অৰ্থাৎ এই পৰিসংখ্যা পৰিকল্পিত সময়ছোৱাৰ ভিতৰত সৰ্বমুঠ ১৮,১০০ ৰ পৰা ৩৪,২০০ লৈকে বৃদ্ধি পাব পাৰে । বছৰটোৰ ছটা মাহত ৩৪ হাজাৰ লোকে কেৱল জল সংকটৰ বাবে মৃত্যু হোৱাতো কোনো সাধাৰণ কথা নহয় ।

কিন্তু কাহানিবা মানুহে বুজি পাব নে স্বচ্ছ খোৱাপানীৰ মূল্য । ভাৰতত প্ৰতি বছৰে স্বচ্ছ খোৱাপানীৰ অভাৱত বিভিন্ন প্ৰকাৰে মৃত্যুক সাৱটি লয় প্ৰায় ২ লাখ লোকে । সমগ্ৰ বিশ্বৰ ক্ষেত্ৰত এই পৰিসংখ্যা ৮ লাখৰো অধিক ।

আজি বিশ্ব জল দিৱস, ছোমালিয়াত জল সংকটত এবছৰত প্ৰাণ হেৰুৱালে ৪৩,০০০ লোকে
মোবাইলত গেম খেলাত বাধা দিয়াৰ নামত হত্যা ১৩ বছৰীয়া কিশোৰক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in