মোবাইলত গেম খেলাত বাধা দিয়াৰ নামত হত্যা ১৩ বছৰীয়া কিশোৰক !

মোবাইলত গেম খেলাত বাধা দিয়াৰ নামত হত্যা ১৩ বছৰীয়া কিশোৰক !
মোবাইলত গেম খেলাত বাধা দিয়াৰ নামত হত্যা ১৩ বছৰীয়া কিশোৰক !

ডিজিটেল ডেস্কঃ মোবাইলত গেম খেলাৰ অপৰাধতে এটি ১৩ বছৰীয়া শিশুক মাৰপিট কৰি হত্যা কৰাৰ দৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৷ এই হত্যাকাণ্ড সংঘটিত হৈছে কাছাৰ জিলাৰ বৰখলা বিধানসভা সমষ্টিৰ জাৰইলতলায়ত।

হত্যাৰ এনে অভিযোগ উত্থাপিত কৰি বৰখলা আৰক্ষী চকীত এজেহাৰ দাখিল কৰিছে মৃত কিশোৰটিৰ পিতৃয়ে । অভিযোগ অনুসৰি প্ৰতিবেশী এজন লোকৰ ঘৰত বহি মোবাইলত গেম খেলি আছিলে পান্না নাথ নামৰ এগৰাকী ১৩ বছৰীয়া কিশোৰে ৷

সেই সময়ত দীপক নাথ (পটল) নামৰ এজনে লোকে কিশোৰ জনক মোবাইলত গেম খেলাত বাধা প্ৰদান কৰিলে। পৰিণতিত দুয়োৰে মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হয়। যাৰ বাবে দীপক নাথ নামৰ লোক জনে ১৩ বছৰীয়া কিশোৰটিক খেদি খেদি প্ৰচণ্ড মাৰপিট কৰে বুলি অভিযোগ উত্থাপন কৰিছে কিশোৰটিৰ পৰিয়ালে৷

ঘটনাৰ পাছত কিশোৰটিৰ মাতৃ ঘটনাস্থলীত উপস্থিত হৈ পুত্ৰ পান্নাক উদ্ধাৰ কৰি বৰখলা হাস্পতাললৈ লৈ যায় । কিশোৰটিৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে তেওঁক শিলচৰ মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷

কিন্তু শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসকে কিশোৰটিৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷ দীপক নাথৰ প্ৰহাৰতে ১৩ বছৰীয়া কিশোৰটিৰ মৃত্যু হৈছে বুলি অভিযোগ উত্থাপিত কৰি দীপক নাথৰ বিৰুদ্ধে মৃত কিশোৰ পান্নাৰ পিতৃয়ে বৰখলা আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে ৷ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

মোবাইলত গেম খেলাত বাধা দিয়াৰ নামত হত্যা ১৩ বছৰীয়া কিশোৰক !
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দিল্লীত বিতৰ্কিত পোষ্টাৰিংঃ ১০০ খন এজাহাৰ পঞ্জীয়ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in