বুভুক্ষ,মৃতপ্ৰায় শৰণাৰ্থীৰ দল আহি পালেহি ইণ্ডোনেছিয়া...

বুভুক্ষ,মৃতপ্ৰায় শৰণাৰ্থীৰ দল আহি পালেহি ইণ্ডোনেছিয়া...

ডিজিটেল ডেস্ক : কি পৰিস্থিতি নিজৰ মাতৃভূমি ত্যাগ কৰি একোটা পৰিয়ালে অইন এখন দেশলৈ যাত্ৰা কৰিব পাৰে সেইয়া অনুধাৱণ কৰাটো সাধাৰণ ৰাইজৰ পক্ষে অসম্ভৱ । নাগৰিকত্ব ত্যাগ কৰি এক নতুন দেশত আশ্ৰয় লোৱাৰ সৈতেই পৰিয়ালটিয়ে হেৰুৱাই পেলাই ব্যক্তিগত পৰিচয় । চিনাকী মাথো শৰণাৰ্থীৰূপে । দেশখনত বাঢ়ি অহা অপৰাধৰ মূল দোষ জাপি দিয়া হয় এওঁলোকৰ কান্ধত । সমগ্ৰ জীৱনৰ বাবে ৰৈ যায় তৃতীয় শ্ৰেণীৰ নাগৰিকৰূপে । ভোটদানৰ ক্ষেত্ৰতো আহে বাধা, কৰ্ম সংস্থাপন পাবলৈ টান । কিন্তু তাৰ মাজতো কেৱল জীয়াই থকাৰ তাড়নাতে সহস্ৰ বাধা বিঘিনি নেওচি শৰণাৰ্থী হয় একোটা পৰিয়াল ।

ঠিক এনে এক ঘটনাই সংঘটিত হ'ল ইণ্ডোনেছিয়াত । ম্যানমাৰত ৰহিংগিয়া লোকসকল পূৰ্বৰে পৰাই সংখ্যালঘু আৰু এই সকল লোকৰ ওপৰত ম্যানমাৰত চলাই অহা হৈছিল অত্যাচাৰ । যাৰ ফলতেই সময়ে সময়ে অবৈধভাৱে হ'লেও চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ শৰণাপন্ন হৈ আহিছে ৰহিংগিয়া মুছলমান লোকসকল ।

ৰবিবাৰে, পৱিত্ৰ বৰদিনৰ দিনাই এদল শৰণাৰ্থীৰে ভৰা এখন নাঁও ইণ্ডোনেছিয়াৰ তীৰত উপস্থিত হয় । বিকল ইঞ্জিনেৰে কোনোমতে উটি ভাঁহি অহা এই শৰণাৰ্থী সকল মৃতপ্ৰায় বুভুক্ষাত । শৰীৰত কেৱল ইণ্ডোনেছিয়াৰ সমুদ্ৰ তীৰলৈ অহাৰ শক্তি বাছি আছিল ।

বিকল ইঞ্জিনেৰে কেৱল সাগৰীয় বতাহৰ জোৰত ইণ্ডোনেছিয়াৰ লাডং গাঁৱত উপস্থিত হোৱা এই সকল লোকৰ মন্তব্য অনুসৰি, বিগত এটা মাহ ধৰি তেওঁলোকে দিন কটাইছে কেৱল সাগৰৰ মাজতেই । বতাহৰ ওপৰতেই নিৰ্ভৰ কৰি কেতিয়াবা যদি কোনো দিশত ধাৱমান হয় আন দিনা হয়তো আন কোনো দিশত । হয়তো ইণ্ডোনেছিয়াত উপস্থিত নহ'লে মৃত্যুকো সাৱটি ল'লে হয় কোনো কোনোৱে ।

বৰ্তমান চৰকাৰে এই সকল লোকৰ বাবে সকলো চিকিৎসা তথা থকা-খোৱাৰ ব্যৱস্থা কৰি দিছে যদিও এই সুবিধা কিমান দিনলৈ ? প্ৰশাসনেও নিশ্চয়কৈ প্ৰায় অৰ্ধ শতাধিক লোকক কেৱল মানৱীয়তাৰ আধাৰত সম্পূৰ্ণ জীৱনৰ বাবে যোগান নধৰে এই সুবিধা সমূহ ।

উল্লেখ্য যে, বিগত সপ্তাহতেই আন্দামান সাগৰৰ চুবুৰীয়া দেশ সমূহক ৰাষ্ট্ৰসংঘই অনুৰোধ কৰিছিল সমুদ্ৰ এলেকা সমূহত অভিযান চলাবলৈ । কিয়নো বাংলাদেশৰ পৰা পলায়ন কৰা ১৫০ জনীয়া শৰণাৰ্থীৰ এটি দল বিকল ইঞ্জিনৰ বাবে দুটা সপ্তাহ ধৰি বন্দী হৈ আছিল সাগৰৰ মাজত । অৱশ্যে এই ৫৮ জনীয়া দলটো সেই সকল লোকৰ সৈতেই আছিল নে নাই সেইয়া এতিয়াও জানিবলৈ পৰা যোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in