কুকুৰে গঢ়িলে বিশ্ব অভিলেখ

কুকুৰে গঢ়িলে বিশ্ব অভিলেখ

ডিজিটেল ডেস্ক : কোৱা হয় কুকুৰ হেনো প্ৰভুভক্ত । ভাৰতীয় সভ্যতাত কুকুৰক প্ৰভুভক্ত বুলি গণ্য কৰা হয়। বিশ্ব চলচ্চিত্ৰ জগতত কুকুৰৰ পটভূমিতে নিৰ্মাণ হৈছে বহু চিনেমা।

সেই কুকুৰে এইবাৰ গঢ়িলে বিশ্ব ৰেক'ৰ্ড। অৱশ্যে ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত কুকুৰে গঢ়ি আহিছে বিশ্ব ৰেক'ৰ্ড। দীঘল নেজ, লঙ জাম্প ইত্যাদি বহু ক্ষেত্ৰতে প্ৰভুভক্তই গীনিজ বুক অৱ ৱৰ্ল্ড ৰেক'ৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।

এনেবোৰ নজিৰৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰ এটি পোহনীয়া কুকুৰে গঢ়িলে বিশ্ব ৰেক'ৰ্ড। ৰকি নামৰ কুকুৰটোৱে বিশ্বৰ সবাতোকৈ ৫.০৬ ইঞ্চি দীঘল জিভাৰে গীনিজ বুকত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে কুকুৰটিৰ গৰাকীয়ে জিভাৰ জোখ-মাখ লৈ গীনিজ কৰ্তৃপক্ষলৈ এক আবেদন জনাইছিল। ইয়াৰ পিচতে গীনিজ কৰ্তৃপক্ষই সকলো পৰীক্ষা কৰি পৰ্যায়ক্ৰমে কুকুৰটিক বিশ্ব অভিলেখৰ স্বীকৃতি প্ৰদান কৰে।

কুকুৰে গঢ়িলে বিশ্ব অভিলেখ
ক'ত হেৰাল বিমান ৰয় ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in