/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c32ef1e3-e481-4cf9-8d65-693089bcf58c/AP_FOR_WEB_BIMAN_ROY.jpg)
ডিজিটেল ডেস্ক: ইন্সপেক্টৰ বিমান ৰয় ক’ত? খাকী পোচাকত দাগ লগোৱা সদ্য বৰ্খাস্ত বিমান ৰয়ক বিচাৰি পোৱা নাই অসম আৰক্ষীয়ে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘোষণা কৰিছে অচিৰেই গ্ৰেপ্তাৰ হ’ব বিমান ৰয়। কিন্তু কেতিয়া ?
ঘগ্ৰাপাৰ থানাৰ অপসাৰিত তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ৰ কোনো সন্ধানেই পোৱা নাই আৰক্ষীয়ে। থানাৰ ভিতৰত নাবালিকাক উলংগ কৰি ফটো তোলা অভিযুক্ত বিষয়াগৰাকীৰ সন্ধানত অসম আৰক্ষীয়ে ইঠাইৰ পিচত সিঠাইত অভিযান চলাইছে।
গোৱালপাৰৰ বাসগৃহলৈয়ো ৰয়ক বিচাৰি গৈছে আৰক্ষীয়ে। ৰয়ৰ পত্নীয়ে কৈছে ঘৰৰ সৈতে কোনো যোগাযোগ কৰা নাই তেওঁ। তেওঁৰ ম’বাইল নম্ববৰত পত্নীয়ে যোগাযোগ কৰিছে যদিও বন্ধ হৈ আছে ম’বাইলটো।
বৃহস্পতিবাৰে ঘৰলৈ অহাৰ কথা আছিল বিমান ৰয়। ঘৰত আয়োজন কৰিছিল কালী পূজাৰ। কিশোৰী নিৰ্যাতনৰ ঘটনাৰে নাম সাঙোৰ খোৱাৰ পিচত আত্মগোপন কৰিলে আৰক্ষী বিষয়াজনে।
নলবাৰীত বিষয়াজনে আত্মগোপন কৰিব পৰা বিভিন্ন স্থানতো আৰক্ষীয়ে চকু ৰাখিছে। পোৱা নাই ক’তোৱে তেওঁৰ সন্ধান। ২০০৯ চনত বিমান ৰয় আছিল মহানগৰীৰ গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। গীতানগৰৰ গীতামন্দিৰ সমীপত এটা ঘৰ আছে বিমান ৰয়ৰ। তাতো চকু ৰাখিছে আৰক্ষীয়ে।
অৱশ্যে গীতানগৰত থকা বিমান ৰয়ৰ বাসগৃহত বৰ্তমান কোনো নাই। গে’টত মৰা আছে ডাঙৰ তলা। গীতানগৰ থানাৰ আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে ঘৰটোত।
এইদৰে বিভিন্ন স্থানত বিমান ৰয়ৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে যদিও এতিয়ালৈকে শুংসূত্ৰ পোৱা নাই অভিযুক্ত বিষয়াগৰাকীৰ।