মানৱ ইতিহাসৰ নতুন অধ্যায়! ৩৭ হাজাৰ বছৰ পুৰণি অধ্যায়ে পোহৰলৈ আনিছে বহু তথ্য…

মানৱ ইতিহাসৰ নতুন অধ্যায়! ৩৭ হাজাৰ বছৰ পুৰণি অধ্যায়ে পোহৰলৈ আনিছে বহু তথ্য…

author-image
asomiyapratidin
New Update
মানৱ ইতিহাসৰ নতুন অধ্যায়! ৩৭ হাজাৰ বছৰ পুৰণি অধ্যায়ে পোহৰলৈ আনিছে বহু তথ্য…

ডিজিটেল ডেস্কঃ উন্মোচন হ'ল মানৱ ইতিহাসৰ এক নতুন অধ্যায়। প্ৰায় ৩৭ হাজাৰ বছৰি পুৰণি এক জীৱাশ্মই পোহৰলৈ আনিছে মানৱ ইতাহসৰ এই নতুন অধ্যায়। এই হাজাৰ বছৰীয়া জীৱাশ্ম উদ্ধাৰ হৈছে উত্তৰ আমেৰিকাত। উত্তৰ আমেৰিকাৰ পুৰাতত্ববিদ টিমথী ৰ'ৱেৰ ঘৰৰ চৌহদত উদ্ধাৰ হ'ল মেম'থৰ জীৱাশ্ম। যি উন্মোচন কৰিলে মানৱ ইতিহাসৰ এক নতুন তথ্য। প্ৰায় ৩৭ হাজাৰ বছৰ পুৰনি এই জীৱাশ্মটোৰ শৰীৰৰত পোৱা গৈছে আঘাতৰ বিশেষ চিহ্ন । পুৰাতত্ব বিশেষজ্ঞসকলৰ মতে, এই ক্ষতচিহ্নবোৰে আদিম মানৱে চিকাৰৰ সময়ত কৰা আঘাতৰ প্ৰমাণ বহণ কৰে ।

ইয়াৰ পৰা এটা কথাই স্পষ্ট যে, উত্তৰ আমেৰিকাত বিজ্ঞানীসকলে অনুমান কৰাৰ বহু পূৰ্বৰ পৰাই মানৱ বসতি আৰম্ভ হৈছিল। উল্লেখ্য যে, পুৰাতত্ববিদ টিমথী ৰ'ৱে এই জীৱাশ্মৰ বিষয়ে প্ৰথমবাৰৰ বাবে অৱগত হৈছিল ২০১৩ চনত ।

মেমথৰ শিৰৰ টুকুৰা আৰু ভঙা হাড়ৰ প্ৰতি লক্ষ্য ৰাখি ৰ'ৱে সেই ঠাইডুখৰত মেমথটোক চিকাৰৰ পাচত আহাৰৰ বাবে হত্যা কৰা হৈছিল বুলি মন্তব্য প্ৰদান কৰিছে । টিমথী ৰ'ৱেৰ ভাষ্য অনুসৰি, বোলছবিত দেখুৱাৰ দৰে জীৱাশ্মটোৰ খননস্থলী একেবাৰেই নান্দনিক নহয় । বৰং বোকাই-বালিয়ে বিচাৰি ফুৰিব লগা হৈছে জীৱাশ্মটোৰ টুকুৰাবোৰ।কিন্তু ইয়াতেই লুকাই আছে মানৱ ইতিহাসৰ অন্য এক অধ্যায় ।
টেক্সাছ বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞান বিভাগৰ অধ্যাপক টিমথী ৰ'ৱ প্ৰাক্-ঐতিহাসিক জীৱ-জন্তুৰ বিশেষজ্ঞ নহয় যদিও এই জীৱাশ্মটোৰ উদ্ধাৰ কাৰ্য্যত সম্পূৰ্ণৰুপে জড়িত হৈ আছে।
এই আৱিষ্কাৰে, বিশ্বৰ নৃতত্ববিদসকলক বিবুধিত পেলোৱা পৰিলক্ষিত হৈছে কাৰণ ক্ল'ভিছ সভ্যতা, যি উত্তৰ আমেৰিকাৰ প্ৰস্তৰ যুগৰে সভ্যতা, তেওঁলোকৰ সভ্যতাই হে শিলৰ ব্যৱহাৰ প্ৰথমে শিকিছিল । কিন্তু ই কেৱল ১৬ হাজাৰ বছৰ হে পুৰণি সভ্যতা,
তেনেস্থলত ক্ল'ভিছ সভ্যতাৰো আগতেই উত্তৰ আমেৰিকাৰ আদিম মানৱে জানিছিল অস্ত্ৰৰ ব্যৱহাৰ ।
আৰু পঢ়ক :দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত ইউ পি পি এলৰ প্ৰতিষ্ঠা দিৱস উদযাপন…