দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত ইউ পি পি এলৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত ইউ পি পি এলৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

প্ৰতিদিন ডিজিটেল, কোকৰাঝাৰ :– কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত বৃহস্পতিবাৰে ইউপিপিএলৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় তথা অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি শুকুৰবাৰে পুৱা ৮:৩০ বজাত পতাকা উত্তোলন কৰে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে। আনহাতে শ্বহীদ তৰ্পন কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই । ইয়াৰ লগতে কোকৰাঝাৰৰ ভাটিপাৰাত শ্বহীদ সুজিত নাৰ্জাৰী উদ্যানৰ আধাৰশীলা স্থাপন কৰে প্ৰমোদ বড়োৱে। ইউ পি পি এলৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি চন্দ্ৰপাৰা খেল পথাৰত এক প্ৰীতি ফুটবল খেলৰো আয়োজন কৰা হয়৷

সংবাদমাধ্যমৰ আগত ইউ পি পি এলৰ সপ্তম প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰমোদ বড়োৱে দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম,  কাৰ্যকাৰী সভাপতি ৰৌনগৌৰা নাৰ্জাৰীকে ধৰি দলৰ সকলো নেতা-কৰ্মীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে । সকলোৰে কঠিন পৰিশ্ৰম আৰু ত্যাগৰ বিনিময়ত ইউ পি পি এল দলে আজিৰ পৰ্যায় পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে অনাগত সময়ছোৱাত প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰিছে ।

ইপিনে সাংবাদিকৰ এক প্ৰশ্নোত্তোৰত প্ৰমোদ বড়োৱে বিপিএফ দলক কঠোৰ সমালোচনা কৰে। বিজেপিৰ গাড়ীত বিপিএফ দলে উঠিছিল আৰু পিছত নামি গৈ কংগ্ৰছেৰ গাড়ীত উঠিছিল আৰু এতিয়া যদি পুনৰাই বিজেপিৰ গাড়ীত উঠিব বিচাৰে সেই সন্দৰ্ভত তেওঁ জ্ঞাত নহয় বুলি মন্তব্য কৰে । ইপিনে ইউ পি পি এলৰ প্ৰতিষ্ঠাপক সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই বিটিআৰ চুক্তি ৰূপায়ন কৰিব নোৱাৰিলে পিছত ৰাইজে পুনৰাই তেওঁলোকক দ্বিতীয় সুযোগ নিদিয়ে বুলি মন্তব্য কৰিছে । বিটিআৰ চুক্তিৰ দফাসমুহ ৰূপায়ন কৰিব লাগিব আৰু যিবোৰ দফা ৰূপায়নৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন সেয়া আৰম্ভ কৰিব লাগিব বুলি মন্তব্য কৰিছে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ।

উল্লেখ্য যে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিধায়ক তথা ইউ পি পি এলৰ কোকৰাঝাৰ জিলা সভাপতি লৰেঞ্চ ইছলাৰী, কাৰ্যবাহী সদস্য নিলুৎ স্বৰ্গীয়াৰী,  ইউ পি পি এলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰী,  উপ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, বিজেপিৰ নেতা তথা কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জিহাৰী,  বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, কোকৰাঝাৰ জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক সূৰজ মুছাহাৰীসহ ইউপিপিএলৰ কেইবাগৰাকী কেন্দ্ৰীয় আৰু জিলাপৰ্যায়ৰ নেতৃবৃন্দ উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in