ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত এটা দ্বীপঃ প্ৰাণ ৰক্ষাৰ বাবে জনতাই জাপ দিছে সাগৰত...

ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত এটা দ্বীপঃ প্ৰাণ ৰক্ষাৰ বাবে জনতাই জাপ দিছে সাগৰত...
ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত এটা দ্বীপঃ প্ৰাণ ৰক্ষাৰ বাবে জনতাই জাপ দিছে সাগৰত...

ডিজিটেল ডেস্কঃ ভয়ংকৰ দুৰ্যোগৰ কৱলত আমেৰিকাৰ মাউয়ি দ্বীপ। ইতিহাসৰ সৰ্ববৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰিছে দ্বীপটো। জুইৰ লেলিহান শিখাই আগুৰি ধৰিছে সমগ্ৰ দ্বিপটো।

ফলত এই পৰ্যন্ত মৃত্যু হৈছে ৫০ ৰো অধিক নাগৰকিৰ। এনে পৰিস্থিতিত মাউয়ি দ্বীপত দুৰ্যোগ ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি জু বাইডেনে। উদ্ধাৰকাৰীয়ে জনোৱা অনুসৰি এই পৰ্যন্ত ৫৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে।

তেওঁলোকৰ মতে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব। অৱশ্যে তেওঁলোকৰ দাবী দ্বীপটোৰ ৮০ শতাংশ অঞ্চলৰ অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, মঙ্গলবাৰে যুক্তৰাষ্ট্ৰৰ হাওয়াৰ মাউয়ি দ্বীপত সামুদ্ৰিক ঘূৰ্ণী বতাহে খুন্দা মাৰিছিল।

তাৰ পাছৰে পৰা দ্বীপটোত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। সেই অগ্নিকাণ্ডই পৰৱৰ্তী সময়ত সমগ্ৰ দ্বীপটোকে আগুৰি ধৰে। ফলত প্ৰাণ ৰক্ষা কৰিবলৈ বহু লোকে সাগৰত জাপ মাৰিছে।

ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত এটা দ্বীপঃ প্ৰাণ ৰক্ষাৰ বাবে জনতাই জাপ দিছে সাগৰত...
মহাকাশত আৰম্ভ ভাৰত-ৰাছিয়াৰ গোলা-বাৰুদবিহীন জ্ঞান অন্বেষণৰ যুদ্ধ...

স্থানীয় লোকৰ মতে মাউয়ি দ্বীপৰ জুই এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই। এই জুই নিৰ্বাপিত কৰিবলৈ এতিয়াও অতিকমেও আৰু এসপ্তাহৰ সময়ৰ প্ৰয়োজন হ’ব। কিমানে ঘৰ এৰি পলাবলৈ বাধ্য হ’ল, কিমানৰ ঘৰ জ্বলি শেষ হ’ল তাৰ কোনো হিচাপ এই পৰ্যন্ত কৰা হোৱা নাই।

ক’লা ধোঁৱাই আগুৰি আছে সমগ্ৰ দ্বীপটো। এই পৰ্যন্ত প্ৰায় এক হাজাৰ লোকক নিৰাপদ আশ্ৰয় স্থলীলৈ লৈ যোৱা হৈছে। পৰ্যটকসকলকো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱাৰ চেষ্টা কৰিছে।

ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত এটা দ্বীপঃ প্ৰাণ ৰক্ষাৰ বাবে জনতাই জাপ দিছে সাগৰত...
ইন্ধনৰ ৰূপত পানী, যোৰহাটত চলিল গাড়ী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in