অবৈধ মাটি খননৰ বিৰুদ্ধে মঙলদৈত ওলাই আহিল জনতা...

অবৈধ মাটি খননৰ বিৰুদ্ধে শুকুৰবাৰে মঙলদৈৰ মোৱামাৰী ৰাইজ ৷ জেচিবি আৰু ডাম্পাৰেৰে অবৈধভাৱে খনন কৰে মঙলদৈৰ মোৱামাৰীৰ নৈ পাৰ ৷ অবৈধ খনন স্থলিলৈ ওলাই আহিল গাঁওবাসী৷
অবৈধ মাটি খননৰ বিৰুদ্ধে মঙলদৈত ওলাই আহিল জনতা...

ডিজিটেল সংবাদ, মঙলদৈ: অবৈধ মাটি খননৰ বিৰুদ্ধে শুকুৰবাৰে মঙলদৈৰ মোৱামাৰী ৰাইজ ৷ জেচিবি আৰু ডাম্পাৰেৰে অবৈধভাৱে খনন কৰে মঙলদৈৰ মোৱামাৰীৰ নৈ পাৰ ৷ অবৈধ খনন স্থলিলৈ ওলাই আহিল গাঁওবাসী ৷

মঙলদৈত নবনিৰ্মীত দক্ষতা বিকাশ বিশ্ববিদ্যালয়ত ব্যৱহাৰ কৰিছে এই খনন কৰা মাটি।

মঙলদৈ মোৱামাৰী অঞ্চলত অবৈধভাৱে মাটি কাটি নিদ্ৰা হৰণ কৰিছে অঞ্চল বাসীৰ ৷ হাজাৰ হাজাৰ হেক্টৰে মাটি অবৈধভাৱে খনন কৰি নৈ পৰিয়া ৰাইজক ভয়াৱহ বিপদৰ ফালে থেলি দিছে ৷

ৰাইজৰ অভিযোগ অনুসৰি কোনো বৈধ খাদান নথকা মোৱামাৰীত অবৈধ মাটি খনন কাৰ্যত জৰিত আছে জনৈক অধিকাৰী, ৰাম চৌহান, দিলিপ,ৰুবুল, নামৰ ব্যক্তি কেইজন ৷

ইয়াৰ উপৰিও মঙলদৈ-মোৱামাৰীৰ সমগ্ৰ পথচোৱা ধূলিময় হৈ পৰিবেশ অস্বাস্থ্যকৰ হৈ পৰিছে ৷ এতিয়া অবৈধ খনন কাৰ্যত জড়িত এইসকলৰ বিৰুদ্ধে জিলা প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ?

ইফালে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত খনন স্থলিত মঙলদৈ ৰাজহচক্ৰ বিষয়া নয়ন জ্যোতি পাঠক উপস্থিত হৈ অবৈধ খনন কাৰ্য্য বন্ধ ৰখাৰ ব্যৱস্থা কৰিব বুলি ৰাইজক আশ্বাস দিয়ে ৷ উল্লেখযোগ্য যে উক্ত মাটি খনন কাৰ্য্যত চৰকাৰী ৰাজহ দিব লাগে নে নালাগে এই কথা এতিয়ালৈকে অৱগত নহয় ৰাজহ চক্ৰ বিষয়া।

আৰু পঢ়ক: কিয় বেয়া নাপাব দ্বীপেন বৰুৱাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in