সলনি হ’ল দীঘলীপুখুৰীৰ নাম

সলনি হ’ল দীঘলীপুখুৰীৰ নাম

author-image
Asomiya Pratidin
New Update
সলনি হ’ল দীঘলীপুখুৰীৰ নাম

ডিজিটেল ডেস্ক: অসম পৰ্যটন বিভাগে ঐতিহাসিক দীঘলীপুখুৰীক বহিৰাগত বণিয়াক লিজত দিয়া কথাক লৈ সামাজিক মাধ্যমত তথা একাংশ সংবাদ সংস্থাত চলি আছে তীব্ৰ প্ৰতিক্ৰিয়া। শেহতীয়াকৈ অসম চৰকাৰে দীঘলীপুখুৰী চোৱা-চিতা তথা পুখুৰীটোৰ উন্নয়ণৰ কাম-কাজ চলোৱাৰ বাবে গুজৰাটৰ এটি কোম্পানীক দায়িত্ব অৰ্পন কৰে।

Advertisment

উল্লেখ্য যে, অসম চৰকাৰে নিবিদা প্ৰকাশ কৰি দীঘলীপুখুৰীৰ কৰ্তৃত্ব গুজৰাটী কোম্পানীক দিয়াক লৈ সচেতন লোকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অসম পৰ্যটন বিভাগৰ এনে কাণ্ড তীব্ৰ ভাষাৰে গৰিহণা দিছে একাংশই।

কিন্তু এনে পৰিস্থিতিৰ মাজতে গুজৰাটী কোম্পানীটোৱে ঐতিহাসিক দীঘলীপুখুৰীৰ দায়িত্ব লোৱাৰ পিচতে দীঘলীপুখুৰীৰ নাম সলনি কৰে। দীঘলীপুখীৰৰ ঠাইত কোম্পানীটোৱে নাম দিয়ে 'এন্টাৰটিকা দীঘলীপুখুৰী' বুলি । ইতিমধ্যে ইয়াকেলৈয়ো সামাজিক মাধ্যমত সৃষ্টি হৈ ব্যাপক প্ৰতিক্ৰিয়াৰ।

কিহৰ ভিত্তিত পূৰ্বৰ নাম সলনি কৰি নতুন নামেৰে নামাকৰণ কৰিব অসমীয়া আৱেগ বিজড়িত দীঘলীপুখুৰীৰ, এইলৈয়ো একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

Also Read: গোলাঘাটত কৃষি সঁজুলিসহ বিভিন্ন যন্ত্ৰ বিতৰণ মন্ত্ৰী অজন্তা নেওগৰ...

Dighalipukhuri