নাৰী শক্তি বন্দন আইন গৃহীত হ'ল : সলনি নহ'ল ৰাজনৈতিক দলৰ নাৰীৰ প্ৰতি ধাৰণা...

নাৰী শক্তি বন্দন আইন গৃহীত হ'লঃ সলনি নহ'ল ৰাজনৈতিক দলৰ নাৰীৰ প্ৰতি ধাৰণা...
নাৰী শক্তি বন্দন আইন গৃহীত হ'লঃ সলনি নহ'ল ৰাজনৈতিক দলৰ নাৰীৰ প্ৰতি ধাৰণা...
নাৰী শক্তি বন্দন আইন গৃহীত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে দেশত ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ ৫ ৰাজ্যত বিধানসভা নিৰ্বাচন। যদিও এই আইন এতিয়াই কাৰ্যকৰী নহয় তথাপিও মহিলাৰ প্ৰতি ৰাজনৈতিক দলসমূহৰ ধাৰণা কি এই নিৰ্বাচনেই সেয়া প্ৰমাণ কৰিছে। এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

শেহতীয়াকৈ ২০২৩ৰ ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ সম্পন্ন হৈ যোৱা সংসদৰ বিশেষ অধিৱেশনত গৃহত হয় নাৰী শক্তি বন্দন বিধেয়ক। এই নাৰী শক্তি বন্দন বিধেয়ক গৃহীত হোৱাৰ পাছতে শাসকীয় বিজেপিয়ে ইয়াক ঐতিহাসিক আখ্যা দিছিল।

নাৰীৰ প্ৰতি বিজেপি দলটোৱে দেখুওৱা এই গুৰুত্বৰ আঁৰত সঁচাকৈয়ে আন্তৰিকতা আছেনে? নে নাৰী শক্তি বন্দন বিধেয়ক বিৰোধীয়ে আখ্যা দিয়া 'ঝুমলা' ! ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত ৫ ৰাজ্যত অনুষ্ঠিত ৫ ৰাজ্যৰ নিৰ্বাচনত ইয়াৰ এক আভাস পোৱা গৈছে।

নাৰী শক্তি বিধেয়ক আইনলৈ পৰিণত হৈছে যদিও এই আইন দেশজুৰি সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু লোকপিয়ল সম্পূৰ্ণ হোৱাৰ পাছতহে কাৰ্যকৰী হ'ব। ইয়াৰ বাবে যথেষ্ট সময় অপেক্ষা কৰিব লাগিব।

এই আইন অনুসৰি লোকসভা আৰু বিধানসভাত নাৰীৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰা হৈছে। বৰ্তমান লোকসভাত মাত্ৰ ১৫.২ শতাংশ আৰু ৰাজ্যসভাত ১৩ শতাংশহে নাৰী প্ৰতিনিধি আছে। অৱশ্যে নাৰী শক্তি বন্দন আইনে ৰাজ্যসভাত মহিলাৰ সংৰক্ষণ সন্দৰ্ভত কোনো নিৰ্দেশনা দিয়া নাই।

এই নাৰী শক্তি বন্দন আইনক লৈ যিদৰে শাসকীয় বিজেপিয়ে প্ৰচাৰ চলাইছিল বা এই আইনক ঐতিহাসিক আখ্যাৰে তেওঁলোকৰ অন্যতম সফলতা বুলি দাবী কৰি আহিছে তাৰ মাজতে অৱশ্যে ৫ ৰাজ্যৰ নিৰ্বাচনত নাৰীৰ প্ৰতি দলটোৰ সেই আন্তৰিকতা ফুটি উঠা দেখিবলৈ পোৱা নাই।

কেৱল বিজেপিয়েই নহয় বিৰোধী ৰাজনৈতিক দলসমূহেও নাৰীৰ প্ৰতি দেখুওৱা নাই সেই আন্তৰিকতা। ৰাজনীতিত নাৰীক পুৰুষৰ সমানে অংশগ্ৰহণ কৰাৰ বাবে যেন বাট এৰি দিব বিচৰা নাই এই ৰাজনৈতিক দলসমূহে।

৭ নৱেম্বৰত মিজোৰাম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। একেটা দিনতে ছত্তিশগড়ত অনুষ্ঠিত হয় প্ৰথম পৰ্যায়ৰ ২০ টা বিধানসভা সমষ্টিৰ নিৰ্বাচন। ৪০ খন আসনৰ মিজোৰাম বিধানসভাত মূলতঃ শাসকীয় মিজো নেচনেল ফ্ৰণ্ট, মুখ্য বিৰোধী জোৰাম পিপলছ মোভমেণ্ট, কংগ্ৰেছে আটাইকেইখন আসনতে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ লগতে বিজেপিয়ে ২৩ খন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

কিন্তু লক্ষ্যণীয় ভাৱে এই ৰাজ্যখনত বিজেপিয়ে মাত্ৰ ৩ খন আসনতহে মহিলাক প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ দিছে। সেইদৰে এম এন এফ, জেড পি এম আৰু কংগ্ৰেছে মাত্ৰ ২ খনকৈ আসনতহে মহিলাক প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ প্ৰদান কৰিছে।

সাংস্কৃতিকভাৱে মিজোৰাম যদিও ইমান ৰক্ষণশীল নহয় ৰাজনৈতিক ক্ষেত্ৰত ৰাজ্যখনত মহিলাৰ অংশগ্ৰহণৰ দিশটোৱে কিন্তু আন এক দিশহে উন্মোচিত কৰে। পুৰুষতান্ত্ৰিক চিন্তা চেতনাৰ বাবেই এই ৰাজ্যখনত যথেষ্ট দাবীৰ পাছতো ৰাজনীতিত মহিলা অধিক আগবাঢ়ি আহিব পৰা নাই।

৭ নৱেম্বৰত প্ৰথম পৰ্যায়ত ২০ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱা ছত্তিশগড়ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ১৭ নৱেম্বৰত। বিক্ষিপ্ত ঘটনাৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱা ৰাজ্যখনত দ্বিতীয় পৰ্যায়ত ৬০ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

মুঠ জনসংখ্যাৰ ৩২ শতাংশই আদিবাসী এই ৰাজ্যখনত এইবাৰ মূলতঃ যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতেই হৈছে। ৰাজ্যখনত কংগ্ৰেছে ৯০ খন আসনৰ ভিতৰত ১৮ খন আসনত মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ১৫ খন আসনত মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

ৰাজ্যখনত মহিলাক যদিও কংগ্ৰেছ আৰু বিজেপিয়ে ৰাজনীতিত অংশগ্ৰহণৰ বাবে মন খুলি বাট এৰি দিয়া নাই তথাপিও মহিলা ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টাৰ কোনো ত্ৰুতি কৰা নাই। বিজেপিয়ে প্ৰতিগৰাকী বিবাহিত মহিলাক ১২ হাজাৰকৈ টকা দিয়াৰ লগতে ৰাণী দুৰ্গাৱতী যোজনা দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

বিপিএল পৰিয়ালত কন্যা সন্তান জন্ম হলে ১ লাখ টকাকৈ প্ৰদানৰো ঘোষণা কৰিছে। শাসকীয় কংগ্ৰেছে আকৌ ৫০০ টকাত গেছ চিলিণ্ডাৰ,মহিলাৰ আত্মসহায়ক গোটৰ ঋণ ৰেহাই, ১০ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ আস্বাস দিছে।

৩০ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন সমাপ্ত হ'বলগীয়া ৫ ৰাজ্যৰ ভিতৰত ৰাজস্থান অন্যতম। এই ৰাজ্যখনৰ বিধানসভাৰ মুঠ আসনৰ সংখ্যা ২০০। এই ৰাজ্যখনত মূলতঃ কংগ্ৰেছ, বিজেপি আৰু আপৰ মাজতেই যুঁজখন হ'ব।

শাসকীয় কংগ্ৰেছে ৰাজ্যখনত ২০০ খন আসনৰ বিপৰীতে মাত্ৰ ২৮ খন আসনত মহিলা প্ৰাৰ্থিক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে বিজেপিয়ে ২০ খন আৰু আপে ১৯ খন আসনত মহিলা প্ৰাৰ্থি প্ৰক্ষেপ কৰিছে।

ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে যদিও নিৰ্বাচনৰ আগলৈকে বিজেপিৰ মুখ হিচাপে চিহ্নীত হৈ আছিল নিৰ্বাচন অহাৰ আগে আগে তেওঁক দলৰ পৰা আঁতৰাই ৰাখি প্ৰধানমন্ত্ৰী মোডীৰ ছবি সন্মুখত লৈহে বিজেপিয়ে ৰণক্ষেত্ৰত নামি পৰিছে।

বিজেপিয়ে বসুন্ধৰা ৰাজেৰ সৈতে দূৰত্ব বজাই ৰখাৰ নীতিৰ বাবেই তেওঁৰ অনুগত বহু কেইজনক টিকট দিয়াৰ পৰাও বিৰত আছে। ফলত দলটো যথেষ্ট ক্ষতিৰো সন্মুখীন হৈছে। যি ক্ষতিৰ কথা এতিয়াহে দলটোৱে অনুভৱ কৰিবলৈ ধৰিছে। কিয়নো বসুন্ধৰা ৰাজেক একাষৰীয়া কৰা বিষয়টোৱে জাতিগত ৰূপ ধাৰণ কৰিছে।

ইয়াৰ বিপৰীতে কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক সন্মুখত ৰাখি ৰাজ্যখনৰ নিৰ্বাচনী যুঁজত নামি পৰিছে। ৰাজ্যখনৰ মহিলা ভোটাৰৰ ভূমিকাই যে চৰকাৰ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰিব সেয়া নিশ্চিত। সেয়ে ৰাজনৈতিক দলসমূহে মহিলাক লক্ষ্য কৰিয়েই বিভিন্ন প্ৰতিশ্ৰুতি দিছে।

তথাপিও কিন্তু ৰাজ্যখনৰ ৰাজনীতিত মহিলাৰ অংশগ্ৰহণৰ বাট মুকলি কৰি দিবলৈ নাৰাজ ৰাজনৈতিক দলসমূহ। বিজেপিয়ে মাত্ৰ ১০ শতাংশ আসনত আৰু কংগ্ৰেছে ১৪ শতাংশ আসনত মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

সেইদৰে মধ্যপ্ৰদেশ বিধানসভাৰ মুঠ আসনৰ সংখ্যা ২৩০। এই ৰাজ্যখনত বিজেপিয়ে ২০ খন, কংগ্ৰেছে ২৮ খন আৰু আপে ১০ খন আসনত মহিলা প্ৰাৰ্থিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৰাজ্যখনৰ ৰাজনীতিত যদিও মহিলাক বিধানসভাৰ আসনত প্ৰতিদ্বন্দিতা কৰাৰ ক্ষেত্ৰৎ গুৰুত্বহীন কৰা হৈছে তথাপিও মহিলা ভোটাৰৰ প্ৰাসংগিকতাও কোনেও আওকান কৰা নাই।

মহিলা ভোটাৰক আকৰ্ষণ কৰিবলৈ বিজেপি শাসিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে লাডলী বহন, লাডলী লক্ষ্মী যোজনা, মুখ্যমন্ত্ৰীৰ কন্যা বিবাহ যোজনা আদিৰ প্ৰচাৰ কৰিছে। কংগ্ৰেছেও শাসনলৈ আহিলে মহিলাক বিভিন্ন সুবিধা প্ৰদান কৰাৰ আস্বাস প্ৰদান কৰিছে।

তেলেংগানাত মুঠ বিধানসভা সমষ্টি ১১৯ টা। ১০ বছৰ পূৰ্বে জন্মগ্ৰহণ কৰা এই ৰাজ্যখনত ৩০ নৱেম্বৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। অৱশ্যে ৰাজ্যখনত এতিয়াও সম্পূৰ্ণৰূপে প্ৰাৰ্থি তালিকা প্ৰকাশ হোৱা নাই।

কিন্তু খবৰ অনুসৰি ৰাজ্যখনত বি আৰ এছে ১১৭ খন আসনৰ ভিতৰত ৮ খন আসনত মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছে ১১৪ খন আসনৰ ভিতৰত ১০ খন আসনত, বিজেপিয়ে ১০০ খন আসনৰ ভিতৰত ১৪ খন আসনত মহিলাক প্ৰাৰ্থি হিচাপে প্ৰক্ষেপ কৰিছে।

বাকী কেইখন ৰাজ্যৰ দৰে এই ৰাজ্যখনতো মহিলাক ৰাজনৈতিক দলসমূহে কিমান গুৰুত্ব দিছে সেয়া সংখ্যাই প্ৰমাণ কৰিছে। অথচ আটাইকেইটা ৰাজনৈতিক দলে আগবঢ়োৱা প্ৰতিশ্ৰুতিত কেৱল মহিলাৰ গুণগান।

নাৰী শক্তি বন্দন আইনক বিৰোধীয়ে 'ঝুমলা' আখ্যা দিছে যদিও দৰাচলতে প্ৰতিটো ৰাজনৈতিক দলেই যে নাৰীক গুৰুত্বহীন কৰিছে সেয়া এই তথ্যই প্ৰমাণ কৰিছে। ৰাজনীতিত পুৰুষৰ সমানে সমানে মহিলাৰ অংশগ্ৰহণৰ বাবে যে এতিয়াও বহু দূৰ বাকী সেয়াও নিশ্চিত হৈছে।

ৰাজনীতিত মহিলাক পুৰুষৰ সমানে সমানে স্থান দিবলৈ আগ্ৰহ অথবা আন্তৰিকতা থাকিলে নিশ্চিতভাৱে নাৰী শক্তি বন্দন আইন কাৰ্যকৰী হোৱালৈ বাট নাচায় নাৰীৰ বাবে আৰু অধিক আসন এৰি দিলে হয়। কিন্তু তাকে নকৰি নিয়ম মাফিক আঙুলিৰ মূৰত লেখিব পৰাকৈ কেইখনমান আসন এৰি দিয়েই দায়িত্ব সামৰিছে সকলো ৰাজনৈতিক দলে।

নাৰী শক্তি বন্দন আইন গৃহীত হ'লঃ সলনি নহ'ল ৰাজনৈতিক দলৰ নাৰীৰ প্ৰতি ধাৰণা...
গ্লেন মেক্সৱেলঃ যাৰ সন্মুখত অৰ্থহীন ক্ৰিকেটৰ প্ৰাথমিক চৰ্তও...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in