
ডিডিটেল ডেস্ক : বৰ্তমানেও শেষ হোৱা নাই ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ। এই যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত হৈছে দুয়োখন দেশৰ সামৰিক শক্তি । প্ৰায় ডেৰ বছৰ ধৰি চলি থকা যুদ্ধৰ ফলত মৃত্যু হৈছে বহুলোকৰ। যুদ্ধৰ প্ৰভাৱ পৰিছে দেশ দুখনৰ অৰ্থনৈতিক,সামাজিক,ৰাজনৈতিক ক্ষেত্ৰত।
গোলা-বাৰুদৰ শব্দৰে আৰম্ভ হয় দিনটো,শেষ হয় আকৌ বন্দুক-বোমা আদিৰ মাজেৰে। ফলশ্ৰুতিত মৃত্যু হৈছে সৈন্য বাহিনীৰ লগতে দুয়োখন দেশৰ শিশুৰ পৰা বৃদ্ধলৈকে বহুসংখ্যক লোকৰ।
এইবোৰৰ মাজতে আকৌ ৰাছিয়াত আৰম্ভ হৈছে গৃহযুদ্ধৰ আখৰা। ৰাছিয়া চৰকাৰক উৎখাত কৰাৰ বাবে আৰম্ভ হৈছে গৃহযুদ্ধৰ তৎপৰতা। মাৰ্চিনেৰী বাহিনীৰ মুৰব্বী য়েভোগনি প্ৰিগোজিনৰ নেতৃত্বত চলিছে যুদ্ধৰ অনুশীলন। যুদ্ধৰ কূট-কৌশল ৰচনাৰ স্থান দেশখনৰে ৰোষ্টভ-অন-ডন চহৰ।
পৰিপ্ৰেক্ষিতত অসহায় হৈ পৰিছে ৰুছ ৰাষ্ট্ৰপতি পুটিন। কি কৰিব, কাক ক'ব অসহায় ৰাষ্ট্ৰপতিগৰাকী। এতিয়া গৃহযুদ্ধত জৰ্জৰিত হোৱাৰ দিশে বিশ্বৰ অন্যতম বৃহৎ শক্তিধৰ দেশ ৰাছিয়া !
সম্প্ৰতি এই যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী মস্কোত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ৰাছিয়াৰ এনে অৱস্থাত দেশৰ একাংশ সৈন্যক পুটিনে অভিহিত কৰিছে আভ্যন্তৰীণ দেশদ্ৰোহী বুলি।
তেওঁ উল্লেখ কৰে যে,একাংশ সৈন্যৰ মনত অত্যাধিক উচ্চাকাংক্ষা আৰু নিহিত হৈ থকা স্বাৰ্থৰ ফলত তেওঁলোকৰ মনত সূচনা হৈছে দেশদ্ৰোহী মনোভাবৰ। লগতে পুটিনে কয় মাৰ্চিনেৰী বাহিনীৰ মুৰব্বী প্ৰিগোজিনে ৰাছিয়াক বিশ্বাসঘাতকতা কৰিছে। উল্লেখ্য যে ইউক্ৰেনৰে যুদ্ধ চলি থকাৰ মাজতে ৰাছিয়াৰ গৃহযুদ্ধক তীব্ৰ গৰিহণা দিয়ে।