/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/074782b4-83b5-4181-bf9f-5266a97958a1/SOLI_POLI.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : মিচিং জাতীয় সংগঠনৰ উদ্যোগত পূব ঢকুৱাখনাৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা।কিছুদিন পূৰ্বে ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা পূব ঢকুৱাখনা অঞ্চলৰ মেধাবী শিক্ষাৰ্থীসকলক শনিবাৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/4eb24823-55f3-4cfc-8943-5ced907e2078/ccfd0f55_285c_4d1e_868c_3b695981936e.jpg)
মিচিং জাতীয় সংগঠন মিচিং বানে কৌবাং, মিচিং দৃৰবৃ কৌবাং,টাকাম মিচিং পৰিন কৌবাং,মিচিং মিমাগ কৌবাং আৰু টাকাম মিচিং মিমে কৌবাঙৰ পূব ঢকুৱাখনা আঞ্চলিক সমিতিৰ উদ্যোগত এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। ভোমাজাৰণী হাইস্কুলত প্ৰাংগনত শনিবাৰে দুপৰীয়া অনুষ্ঠিত সম্বৰ্ধনা সভাত উদ্বোধনী বক্তব্য আগবঢ়াই টাকাম মিচিং পৰিন কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সদস্য দিপাঞ্জল দলেয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ca689af2-8873-4b74-8aaa-a0d7ca50657a/7917c448_b2a7_4fe2_9d66_5c95b4c5553c.jpg)
বিশিষ্ট নাগৰিক পৰীক্ষিত মিলিৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি বক্তব্য আগবঢ়াই ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা, মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সদস্য খনিন্দ্ৰ মেদক,ভোমাজাৰণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন্দ গগৈ আদিয়ে। সম্বৰ্ধনা সভাত শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনৰ গুৰুত্বপূৰ্ণ সময়চোৱা সঠিক আৰু সদ ব্যৱহাৰ কৰি ভৱিষ্যতৰ দিনত একোগৰাকী উৎকৃষ্ট মানৱ সম্পদ হিচাবে নিজকে গঢ় দি দেশ আৰু মানৱ জাতিৰ বাবে কাম কৰাৰ বাবে আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1a57ded2-3deb-4c5a-901b-91e79f8c38e5/48eca4d3_d19f_43a8_820d_c9d04ddafd3f.jpg)
সম্বৰ্ধনা সভাত মিচিং মিমাগ কৌবাংৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মলেশ দলে, নাথুৰাম পেগু,টাকাম মিচিং পৰিন কৌবাঙৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক ৰাজীব দলে, টাকাম মিচিং পৰিন কৌবাঙৰ সদস্য ভীস্ম চুংক্ৰাং, শ্যাম পাটিৰ, বৃগেন দলে,জিলা সভাপতি সঞ্জীৱ দলে,সম্পাদক অমৰজিৎ দলে,অমৃত দলে,মিচিং মিমাগ কৌবাঙৰ সভাপতি দ্বিপেন দলে,মোহন পেগু,কৰবী পাতিৰ,বালা জ্যোতি দলে আদিৰ লগতে শিক্ষাব্ৰতী ৰাইজ আৰু অভিভাৱকসকল উপস্থিত থাকে।
উক্ত সভাতেই পঞ্চায়তখনৰ অন্তৰ্গত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত বিশেষ কৃতিত্বৰে উত্তীৰ্ণ ৮৮গৰাকী আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উন্নত প্ৰদৰ্শনেৰে উত্তীৰ্ণ ১৩ গৰাকী শিক্ষাৰ্থীসহ মুঠ ১০১ গৰাকীক গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰে।