ক'ত হেৰাল চীনৰ বৈদেশিক মন্ত্ৰী ! এমাহে দেখা-দেখি নাই কিন গ্যাঙৰ...

ক'ত হেৰাল চীনৰ বৈদেশিক মন্ত্ৰী ! এমাহে দেখা-দেখি নাই কিন গ্যাঙৰ...

ডিজিটেল ডেস্কঃ ক'ত হেৰাল চীনৰ বিদেশ মন্ত্ৰী। বিগত এমাহ ধৰি চীনৰ বিদেশ মন্ত্ৰী কিন গ্যাঙক দেখা নাই চীনা জনতাই। যাৰ বাবে এতিয়া সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে কৌতূহলৰ।

২০২২ চনৰ ডিচেম্বৰত চীনৰ বিদেশ মন্ত্ৰী হিচাবে পদগ্ৰহণ কৰাৰ পিছৰে পৰা কিন গ্যাং চীনৰ এজন বিশিষ্ট তথা প্ৰভাৱশালী কূটনীতিবিদ হিচাবে পৰিচিত হৈ আহিছে। সমগ্ৰ বিশ্বতে কূটনীতিৰ শৈলীৰ বাবে জনাজাত হোৱাৰ সমান্তৰালভাবে প্ৰায়ে পশ্চিমীয়া সমকক্ষসকলৰ সৈতে সংঘৰ্ষ লিপ্ত হৈ আহিছে কিন গ্যাং।

সেই কিন গ্যাং এতিয়া নিৰুদ্দেশ। বিগত এমাহ ধৰি কিন গ্যাঙক কোনো ধৰণৰ ৰাজহুৱা সভাতেই দেখা নাই চীনা জনতাই। সমান্তৰালভাবে বৈদেশিক মন্ত্ৰণালয়ৰ হাততো কিন গ্যাঙৰ কোনো তথ্য নথকাৰ কথা প্ৰকাশ পাইছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতত।

উল্লেখ্য ২৫ জুনত ৰাছিয়া, ভিয়েটনাম আৰু শ্ৰীলংকাৰ বিষয়াৰ সৈতে এক বৈঠকত কিনক অন্তিম বাৰৰ বাবে ৰাজহুৱা ভাবে উপস্থিত থকা দেখা গৈছিল। লক্ষণীয় কথাটো হ'ল যে, তেতিয়াৰে পৰা বিদেশ মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় ইউনিয়নৰ বৈদেশিক নীতিৰ মুৰব্বী, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব, আমেৰিকা যুক্তৰাষ্ট্ৰৰ জলবায়ু দূত আৰু আছিয়ানৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে থকা বৈঠককে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কূটনৈতিক বৈঠকত বাতিল কৰে।

আনহাতে চীনা চৰকাৰেও এই সন্দৰ্ভত মাত্ৰ এবাৰ স্বাস্থ্যজনিত কাৰণৰ কথা উল্লেখ কৰি বন্ধ ৰাখিছে মুখ। যাৰ বাবে বিদেশ মন্ত্ৰীগৰাকীৰ অব্যক্ত অনুপস্থিতিত সামাজিক মাধ্যমকে আৰম্ভ কৰি চীনা পৰ্য্যৱেক্ষকসকলৰ মাজত সৃষ্টি হৈছি ভিন্ন প্ৰতিক্ৰিয়াৰ। এই সন্দৰ্ভত চীনা জনতাৰ একাংশই স্বাস্থ্য কথা উল্লেখ কৰাৰ বিপৰীতে একাংশই ৰাজনৈতিক কাৰণত তেওঁ জনতাৰ দৃষ্টিৰ পৰা আঁতৰি থকাৰ কথা ব্যক্ত কৰাৰ সমান্তৰালভাবে একাংশই ব্যক্তিগত কেলেংকাৰীৰ বাবে আত্মগোপন কৰাৰ কথা বিভিন্ন সূত্ৰত প্ৰকাশ কৰিছে। পিছে এই অভিযোগৰ কোনো তথ্য নাই অভিযোগকাৰীৰ হাতত।

ইপিনে এই সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়েও মত ব্যক্ত কৰাৰ পৰা বিৰত আছে। সাংবাদিকৰ সৈতে মুখামুখি নহ'বৰ বাবে কঠোৰ স্থিতি অৱলম্বন কৰি বিভাগটোৱে। অৱশ্য়ে দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ ৱেবছাইটত বৰ্তমানেও কিনৰ নাম আৰু ফটো বৈদেশিক মন্ত্ৰী হিচাবে উপলব্ধ আছে।

দেশখনৰ এনে এজন সন্মানীয় ব্যক্তিৰ দীৰ্ঘদিনীয়া অনুপস্থিতিয়ে চীনৰ ৰাজনৈতিক ব্যৱস্থাৰ স্বচ্ছতা আৰু স্থিৰতা সম্পৰ্কে সন্দেহৰ সৃষ্টি কৰাৰ লগতে দেশৰ বৈদেশিক নীতিত তেওঁৰ স্থিতি আৰু ভূমিকাক লৈও প্ৰশ্নই দেখা দিছে। ইপিনে কিনৰ দীৰ্ঘদিনীয়া অনুপস্থিতিয়ে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি পৰিচালনা কৰা চীনা কমিউনিষ্ট পাৰ্টিৰ (চিচিপি) নেতৃত্বৰ ওপৰত চকু নিৱদ্ধ বিশ্বৰ বহু ৰাষ্ট্ৰৰ। এইক্ষেত্ৰত দলটোৰ কাম-কাজত স্বচ্ছতাৰ অভাৱৰ বিষয়েও উদ্বেগ প্ৰকাশ পোৱাৰ কথা প্ৰকাশ পাইছে বিভিন্ন সাংবাদ মাধ্যমত। সমান্তৰালভাবে বহু ৰাষ্ট্ৰৰ সন্দেহ ৰাজনৈতিক স্থিতি সবল কৰাৰ বাবে এই আত্মগোপন কিন গ্যাঙৰ।

ক'ত হেৰাল চীনৰ বৈদেশিক মন্ত্ৰী ! এমাহে দেখা-দেখি নাই কিন গ্যাঙৰ...
কোকিলকণ্ঠী লতাৰ আদৰ্শক অনুকৰণত ব্যস্ত শিৱসাগৰৰ কিশোৰী...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in