কোকিলকণ্ঠী লতাৰ আদৰ্শক অনুকৰণত ব্যস্ত শিৱসাগৰৰ কিশোৰী...

কোকিলকণ্ঠী লতাৰ আদৰ্শক অনুকৰণত ব্যস্ত শিৱসাগৰৰ কিশোৰী...

ডিজিটেল ডেস্কঃ এগৰাকী কিশোৰীৰ সু-মধুৰ কণ্ঠই চুই গৈছে প্ৰতিজনৰ হৃদয়। সংগীতৰ ভগৱান স্বৰূপ লতা মঙ্গেশকাৰৰ দৰে সাইলাখ গীত পৰিবেশনৰ চেষ্টা কৰিছে কিশোৰীগৰাকীয়ে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ'ত দেখা গৈছে কিশোৰাগৰাকীয়ে সাৱলীলভাবে এটাৰ পিছত এটাকৈ গাইছে ভক্তিগীত মূলক গীতৰ পৰা আৰম্ভ কৰি আধুনীক গীতলৈ। কিশোৰাগৰাকীৰ সু-কুমলত মাতত মোবাইলৰ স্কীণ স্ক্ৰল কৰাৰ পৰা থমকি ৰৈছে প্ৰতিজন।

ফেচবুকত অনুস্কা তৰংগিনী নামেৰে থকা প্ৰফাইলটোৰ পৰা আপলোড হোৱা ভিডিঅ'সমূহ হয়তো আপোনাৰো চকুত পৰিছে। প্ৰফাইলটো খুচৰিলে দেখা পোৱা যায় তাইৰ গীতৰ প্ৰতিভা। তাই গোৱা প্ৰতিটো গীতেই সামাজিক মাধ্যমত লাভ কৰিছে বিশেষ চৰ্চা।

কিশোৰীগৰাকীৰ প্ৰকৃত নাম অনুস্কা তৰংগিনী বৰুৱা। শিৱসাগৰৰ কালিবাৰীৰ ফুকন নগৰৰ নিবাসী অমৰজিত বৰুৱাৰ কন্যা অনুস্কা। ৬ বছৰ বয়সৰ পৰাই সংগীত চৰ্চা কৰা অনুস্কা এতিয়া একাদশ শ্ৰেণীৰ ছাত্ৰী। শিৱসাগৰৰে দিপাঞ্জলী সংগীত মহাবিদ্যালয়ৰ পৰা সংগীত শিক্ষাত বিশাৰদ লাভ কৰা অনুস্কা তৰংগিনী বৰুৱাৰ এই প্ৰতিভাৰ আঁৰত আছে মাতৃ। মাতৃ জলি বৰগোঁহাইয়ে সংগীতত বিশাৰদ গ্ৰহণ কৰি ব্যক্তগত কাৰণত স্থবিত ৰাখিছিল সংগীত যাত্ৰা। মাতৃ সংগীত যাত্ৰাক এতিয়া আগুৱাই নিছে কন্যা অনুস্কাই।

কিশোৰী কণ্ঠশিল্পী অনুস্কা তৰংগিনী বৰুৱাই জানিবলৈ দিয়া অনুসৰি প্ৰতিদিন টাইমত সম্প্ৰচাৰিত হোৱা অনুপ্ৰেৰণা অনুষ্ঠানটিয়ে আছিল তাইক সমাজত চৰ্চা তথা চিনাকিৰ বাট দেখুওৱা প্ৰথমটো অনুষ্ঠান। ইয়াৰ পাছত অনুস্কা তৰংগিনী বৰুৱাই ইতিমধ্যেই বহু কেইটা অনুষ্ঠানত গীত পৰিবেশন কৰিছে। সমান্তৰালভাবে বহু মঞ্চটো গীত পৰিবেশন কৰি সমাদৰ লাভ কৰিছে অনুস্কাই।

তদুপৰি অনুস্কা তৰংগিনী বৰুৱা এইবাৰ সাজু হৈছে নিজা কণ্ঠত ৰাইজৰ মাজলৈ গীত আগবঢ়াই দিবৰ বাবে। অভিনৱ মাউটৰ প্ৰডাক্টচন, প্ৰণয় দত্তৰ সংগীত তথা চিন্ময় কৌশিকৰ কথা-সুৰেৰে আগষ্টত গীতটি ৰাইজৰ মাজলৈ এৰি দিয়াৰ পৰিকল্পনা কৰিছে কিশোৰীগৰাকীয়ে। গীতটি ৰাইজৰ মাজত এৰি দিয়াৰ পাছতেই আন এটা গীতৰো পৰিকল্পনা ইতিমধ্যেই কৰি ৰাখিছে অনুস্কাই।

সংগীত সমানে সমানে অসমীয়া সাহিত্যৰ প্ৰতিও আকৃষ্ট হোৱা অনুস্কাৰ ভৱিষ্যতে প্ৰশাসনিৰ বিষয়া হোৱাৰ মন।

কোকিলকণ্ঠী লতাৰ আদৰ্শক অনুকৰণত ব্যস্ত শিৱসাগৰৰ কিশোৰী...
কৃষ্ণাইৰ পাছত এইবাৰ পাল আগিয়াৰঃ গোৱালপাৰাত পুনৰ বন ধ্বংসযজ্ঞ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in