আন এখন যুদ্ধৰ বাবে সাজু হৈছে বিশ্বঃ অশান্ত হোৱাৰ দিশে এছিয়া...

আন এখন যুদ্ধৰ বাবে সাজু হৈছে বিশ্বঃ অশান্ত হোৱাৰ দিশে এছিয়া...
আন এখন যুদ্ধৰ বাবে সাজু হৈছে বিশ্বঃ অশান্ত হোৱাৰ দিশে এছিয়া...

ডিজিটেল ডেস্কঃ অশান্ত হোৱাৰ দিশে এছিয়া। যুদ্ধৰ বিভিষিকাৰ মাজলৈ ৰাওনা হৈছে দীৰ্ঘদিনে শান্ত হৈ থকা অঞ্চলটো।

আশংকা অনুসৰি শীঘ্ৰেই চীন আৰু টাইৱান সমুখ সমৰত নামিব। যিসময়ত ৰাছিয়া-ইউক্ৰেইনৰ সমাপ্তিবিহীন যুদ্ধই সমগ্ৰ বিশ্বত অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি কৰিছে, সেই সময়তে পুনৰ এখন যুদ্ধৰ আশংকাই এতিয়া সকলোকে চিন্তিত কৰি তুলিছে।

জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই চীন আৰু টাইৱানৰ যুদ্ধৰ আশংকা কৰিছে। এই আশংকাৰ মাজতেই আকৌ আমেৰিকা যুক্ত ৰাষ্ট্ৰকে ধৰি ইউৰোপীয় দেশসমূহে এই যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছে।

জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে চীন আৰু টাইৱানৰ মাজত যুদ্ধৰ আশংকা কৰি কৈছে যে, এছিয়াত টাইৱানৰ ওপৰত চীনৰ আক্ৰমণ ইউক্ৰেইনৰ ৰাছিয়াৰ দৰে হ'ব পাৰে। গতিকে বিশ্ববাসী এতিয়া সাজু হোৱা উচিত। ইফালে, নাটোবাহিনীয়েও জাপানৰ সৈতে তেওঁলোকৰ সম্পৰ্ক শক্তিশালী কৰা আৰম্ভ কৰিছে।

আন এখন যুদ্ধৰ বাবে সাজু হৈছে বিশ্বঃ অশান্ত হোৱাৰ দিশে এছিয়া...
বটদ্ৰৱা থানৰ আজীৱন সেৱক, সাহিত্যিক গজেন ৰাজখোৱাৰ বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in