বটদ্ৰৱা থানৰ আজীৱন সেৱক, সাহিত্যিক গজেন ৰাজখোৱাৰ বিয়োগ

বটদ্ৰৱা নিৱাসী তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয় সহায়ক গজেন ৰাজখোৱাৰ মঙলবাৰে মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানৰ আজীৱন সেৱক, সাহিত্যিক গজেন ৰাজখোৱাৰ বিয়োগ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা নিৱাসী তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয় সহায়ক গজেন ৰাজখোৱাৰ মঙলবাৰে মৃত্যু হয়। ৰাজখোৱা বিগত এবছৰ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

Advertisment

আজি পুৱাৰে পৰা গুৰুত্বৰ ভাবে আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে তেওঁক চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি থকা অৱস্থাত পথতে মৃত্যু হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ ইতিবৃত্ত, সংস্কৃতি বিষয়ক কেইবাখনো গ্ৰন্থ ৰচনা কৰি জনপ্ৰিয়তা লাভ কৰা ৰাজখোৱা, ভাওনা, বৰগীত, লোক সংগীতৰ এগৰাকী শিল্পী আছিল। ৰাজখোৱাৰ বিয়োগত বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে আৰু বিভিন্নজনে শোক প্ৰকাশ কৰিছে।

আৰু পঢ়ক: বিশ্ব নহয়, এছিয়াৰ ধনী ব্যক্তিৰ তালিকাৰ পৰাও নাম বাহিৰ হ'ব পাৰে আদানীৰ