/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/203dfe61-f30d-43db-b740-cb0f1bc9b46d/TAIWAN_12.jpg)
আকৌ এখন যুদ্ধঃ টাইৱান আক্ৰমণ কৰিবলৈ সাজু চীন...
ডিজিটেল ডেস্কঃ যুদ্ধৰ বাবে সাজু চীন। যিকোনো মুহূৰ্ততে টাইৱানৰ ওপৰত কৰিব পাৰে আক্ৰমণ! দীৰ্ঘদিনৰ পৰা দুয়োখন দেশৰ মাজত যুদ্ধ উত্তেজনাই বিৰাজ কৰি আছে। তাৰ মাজতে চীনে যুদ্ধৰ বাবে সাজু বুলি কৰা মন্তব্যই এতিয়া যুদ্ধৰ আশংকা প্ৰৱল কৰি তুলিছে।
চীনা সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চীন লিবাৰেচন আৰ্মীৰ ইষ্টাৰ্ণ থিয়েটাৰ কামাণ্ডে টাইৱান দ্বীপৰ চাৰিওফালে টহল আৰু অনুশীলন সম্পৰ্কীয় সকলো প্ৰস্তুতি কাৰ্যকৰী কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে কয়, "এইটো উচটনিমূলক পদক্ষেপৰ বিৰুদ্ধে এক গুৰুতৰ সতৰ্কবাণী।
টাইৱানৰ ওপৰত হেঁচা দিবলৈ চীনৰ যুদ্ধ জাহাজ এতিয়াও টাইৱান ষ্ট্ৰেইটত উপস্থিত আছে। মঙ্গলবাৰে এই যুদ্ধ জাহাজে লাইভ ফায়াৰ অনুশীলন সম্পন্ন কৰিছে। ইফালে টাইৱানেও ফেপেৰি পাতি ধৰিছে চীনক।
টাইৱানৰ বায়ু সেনায়ো তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিছে। টাইৱান ষ্ট্ৰেইটৰ ওপৰত ওৰণ সম্পন্ন কৰি দেশখনৰ বায়ু সেনাই চীনক প্ৰত্যাহ্বান জনাবলৈ সাজু বুলি শক্তি প্ৰদৰ্শন কৰিছে।
উল্লেখ্য যে, চিঞ্চু এয়াৰৱেছ টাইৱানৰ উত্তৰ সীমাত অৱস্থিত আৰু ই চীনৰ কাষত অৱস্থিত। এই এয়াৰৱেছত টাইৱানে তেওঁলোকৰ যুদ্ধ বিমান সাজু কৰি ৰাখিছে।
টাইৱানৰ ৰাষ্ট্ৰপতি তচাই ইং-ৱেনে কয়, "যদিও চীনৰ সামৰিক অনুশীলন সমাপ্ত হৈছে তথাপিও দেশৰ সামৰিক আৰু ৰাষ্ট্ৰীয় সুৰক্ষা দলে তেওঁলোকৰ স্থিতিত অটল থাকিব, দেশখনক সুৰক্ষা দিব। সকলোৱে নিশ্চিত থাকিব পাৰে। সশস্ত্ৰ বাহিনীয়ে দেশক সুৰক্ষা দিব।
Also Read: সাংসদ নৱ কুমাৰ শৰণীয়া থকালৈকে BTC ত চৰকাৰে চলাব নোৱাৰে উচ্ছেদ...