সাংসদ নৱ কুমাৰ শৰণীয়া থকালৈকে BTC ত চৰকাৰে চলাব নোৱাৰে উচ্ছেদ...

সাংসদ নৱ কুমাৰ শৰণীয়া থকালৈকে BTC ত চৰকাৰে চলাব নোৱাৰে উচ্ছেদ...
সাংসদ নৱ কুমাৰ শৰণীয়া থকালৈকে BTC ত চৰকাৰে চলাব নোৱাৰে উচ্ছেদ...

ডিজিটেল তামুলপুৰ এপ্ৰিল: 'আগন্তুক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিত গণ সুৰক্ষা পাৰ্টিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব । কোকৰাঝাৰ সমষ্টিত ত্রি-কোণীয়া নহয় দ্বি-কোণীয়া যুজঁ হ'ব আৰু গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীয়ে বিজয়ৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ব।'

এই মন্তব্য ৫ নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ । আজি তামুলপুৰস্থিত গণ সুৰক্ষা পাৰ্টি চমুকৈ জি এছ পিৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষ্যৎকাৰত ৫ নম্বৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়ায় ।

তেওঁ পুনৰ কয় আগন্তুক লোকসভা নিৰ্বাচনত আইড'ল'জিকেল ফাইট নহয়, পাৱাৰৰ ফাইট হ'ব। সাংসদ নৱ কুমাৰ শৰণীয়াই পুনৰ কয় আন ৰাজনৈতিক দলে যিমান কুচকাৱাজ চলাই নাথাকক কিয় কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াৰ জয় নিশ্চিত।

আন এক প্ৰসংগত তেওঁ কয় বৰ্তমান ৰাইজে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰখনৰ ওপৰত যথেষ্ট অসন্তুষ্ট। যেতিয়ালৈকে অসমত নিবনুৱাৰ সমস্যা সমাধান নহয়, মূল্যবৃদ্ধি ৰোধ নহয়, অসমৰ আন আন সমস্যাসমূহ সমাধান নহয়, তেতিয়ালৈকে অসমৰ উন্নতি হোৱা বুলি ক'ব পৰা নাযায়।

তেওঁ আকৌ কয় বি টি আৰত যিমানে নিৰ্বাচনৰ কুচকাৱাজ চলিব সিমানে টকা পইচাৰ ইফাল সিফাল হ'ব। কিন্তু নিৰ্বাচনত ভোট কাক দিব সেইটো ৰাইজেহে সিদ্ধান্ত ল'ব। নৱ কুমাৰ শৰণীয়াই কেতিয়াও বড়ো-অবড়োৰ ৰাজনীতি কৰা নাই, যিয়ে কৰিছে সিয়ে তাৰ ফল ভুগিছে বুলিও সাংসদ নৱ কুমাৰ শৰণীয়াই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

উচ্ছেদ সম্পৰ্কে মন্তব্য কৰি সাংসদ শৰণীয়াই কয় মই থকালৈকে বি টি চিত কেতিয়াও উচ্ছেদ চলিব দিয়া নহব বুলি কয় ৷

সাংসদ নৱ কুমাৰ শৰণীয়া থকালৈকে BTC ত চৰকাৰে চলাব নোৱাৰে উচ্ছেদ...
নিশা মৰিয়নিত লক্ষাধিক টকাৰ অবৈধ সুৰা জব্দঃ পলাতক দুই কুখ্যাত সুৰা মাফিয়া...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in