/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/a46778a6-9b91-45be-a429-822c70dbc4bf/china_america.jpg)
ডিজিটেল ডেস্ক : বিগত বৰ্ষৰ আগষ্ট মাহত টাইৱান ভ্ৰমণ কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ অধ্যক্ষ নেন্সী পেলোছিয়ে । সেই ভ্ৰমণক কেন্দ্ৰ কৰিয়েই সূত্ৰপাত হৈছিল এক দীঘলীয়া বিতৰ্কৰ । চীন সততেই আগ্ৰাসন চলাই অহা টাইৱানত কিদৰে আমেৰিকান ৰাজনৈতিক নেত্ৰী প্ৰেৱশ কৰিব পাৰে সেই লৈ যথেষ্ট সৰৱ আছিল চীন ।
ইয়াৰ ওপৰিও টাইৱান ভ্ৰমণৰ কালছোৱাত ৰাজনীতিৰ প্ৰসংগ উত্থাপন নকৰিবলৈও সকিয়াই দিছিল আমেৰিকাক ৰঙা চীনে । তাৰ পাছৰে পৰাই দেশ দুখনৰ মাজত পূৰ্বেৰে পৰা চলি অহা অৰিয়আৰি বৃদ্ধি হোৱা পৰিলক্ষিত হয় । কিন্তু চীনৰ শেহতীয়া কাৰ্য্যই সমগ্ৰ বিশ্ববাসীৰ চকু কপালত তুলিছে ।
ৰঙা চীনে এইবাৰ গুপ্তচৰৰ ৰূপত আমেৰিকালৈ প্ৰেৰণ কৰিলে বেলুন । গেব্ৰুৱাৰীৰ৪ তাৰিখে উত্তৰ আমেৰিকাৰ বহু স্পৰ্শকাতৰ অঞ্চলৰ ওপৰেৰে যাত্ৰা কৰাৰ সময়তেই আমেৰিকান বায়ু সেনাই গুলিয়াই নষ্ট কৰে বেলুনটো ।তথ্য অনুসৰি এই স্পৰ্শকাতৰ এলেকা সমূহৰ ভিতৰত আছিল আমেৰিকান সেনাৰ বহু গুপ্ত চাউনিও । যাৰ বাবে এতিয়া পুনৰ তিক্ত হৈ পৰিছে ৱাশ্বিংটন আৰু বেইজিঙৰ মাজৰ সম্পৰ্ক । অৱশ্যে দেশ দুখনৰ মাজত পূৰ্বৰে পৰাই নাছিল কোনো সুসম্পৰ্ক ।
তাৰ পাছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু চীনৰ ৰাষ্ট্ৰপতি চি জিনপিং মিলিত হৈছিল এক ভাৰ্ছুৱেল বৈঠকত । অৱশ্যে কোনো পক্ষই এই বৈঠকত উল্লেখ নকৰিলে বেলুনৰ কোনো কথা । তাৰ পাছতেই নামি আহিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ জনপ্ৰিয়তা । সাধাৰণ নাগৰিকে সামাজিক মাধ্যমত ৰাষ্ট্ৰপতি গৰাকীক দুৰ্বল আখ্যা দিয়াও পৰিলক্ষিত হৈছে সৰ্বত্ৰে ।
কিন্তু একে সময়তেই চীনা ৰাষ্ট্ৰপতি চি জিনপিঙে ল'লে আন এক সিদ্ধান্ত । ২০২৭ চনৰ ভিতৰত টাইৱান অধিকাৰ কৰাৰ লক্ষ্যেৰে সাজু হ'বলৈ নিৰ্দেশ দিলে চীনা সেনাক । যাৰ ফলত কেৱল এছিয়াতেই নহয় বৰং সমগ্ৰ বিশ্বতেই এক চাঞ্চল্যৰ সৃষ্টি হয় । কিয়নো প্ৰকাশ্য ভাৱে নহ'লেও টাইৱানক সমৰ্থন কৰি আহিছিল আমেৰিকাই । এতিয়া চীনৰ এই সিদ্ধান্ত যে আমৰিকাৰ বাবেহে আছিল সেইয়া বুজিবলৈ সামৰ্থ্যবান সকলো লোক । তেনেস্থলত চীনে টাইৱান আক্ৰমণ কৰাৰ লগে লগেই আমেৰিকাৰ পৰাও যে উত্তৰ আহিব সেইয়া ধূৰুপ ।
বিশ্বত কাহানিও শেষ নহ'বই নেকি যুদ্ধ ? ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই ইতিমধ্যে বহু কথা শিকালে সমগ্ৰ ইউৰোপক । এতিয়া উত্তৰ আমেৰিকা আৰু এছিয়াই দেখি শিকে নে ঠেকি শিকে সেয়াহে ৰহস্যৰ আৱৰ্তত । কিন্তু এনে পদক্ষেপে যে আগন্তুক সময়ত সমগ্ৰ বিশ্বকেই এক শিক্ষা দিব সেইয়া খাটাং ।