বটদ্ৰৱা সমষ্টিৰ বৰছিলাত শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজ, অসমৰ ২৪ সংখ্যক দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন...

বটদ্ৰৱা সমষ্টিৰ বৰছিলাত শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজ, অসমৰ ২৪ সংখ্যক দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন...

ডিজিটেল সংবাদ, বটদ্ৰৱা : জগতগুৰু শ্ৰীমন্ত শঙ্কৰ গুৰুজনাৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু নৈতিক প্ৰমূল্যবোধৰ আধাৰত প্ৰতিষ্ঠিত ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজ, অসমৰ ২৪ সংখ্যক দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন খনি মৰিগাঁও জিলাৰ, বটদ্ৰৱা সমষ্টিৰ বৰছিলা সাৰ্বজনীন ৰাস মন্দিৰত কালিৰে পৰা অনুষ্ঠিত হৈছে।

শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজ পূৱ মাণ্ডলিক সমিতিৰ সৌজন্যত বৰছিলাৰ শ্বহীদ শুক্লেশ্বৰ বৰদলৈ সোঁৱৰণী ক্ষেত্ৰত অনুষ্ঠিত কেন্দ্ৰীয় অধিবেশনৰ কালি পুৱা ৪ বজাত প্ৰভাত ফেৰিৰে আৰম্ভ কৰে নামধৰ্ম জনজাতি সমাজৰ নামাচাৰ্য সকলে। পাছত পুৱা ৬ বজাত শৰাই অৰ্চন, খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গৰ পাছত ৮ বজাত ভকত আদৰনি কৰা হয়।

৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজ, অসমৰ পদাধিকাৰ প্ৰদীপ কুমাৰ বৰদলৈয়ে। ১০ বজাত স্মৃতি তৰ্পণ আৰু গছ পুলি ৰোপণৰ পাছত ১১ বজাত ভাগৱত পাঠ শুভাৰম্ভ কৰে গোপীনাথ বৰদলৈয়ে। পাছত সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে নাম প্ৰসঙ্গ আৰু প্ৰতিনিধি শিবিৰ মুকলি কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি হৰিকান্ত বৰদলৈয়ে। ৭ বজাত প্ৰতিনিধি সভাৰ পাছতে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়।

আজি পুৱা শৰাই অৰ্চন, খোল প্ৰসঙ্গ নাম প্ৰসঙ্গ, ভাগৱত পাঠৰ পাছত দুপৰীয়া ১ বজাত "শ্ৰীমন্ত শঙ্কৰ গুৰুজনাৰ নাম ধৰ্মত আমাৰ কৰণীয়" বিষয়ক এখনি মুকলি সভা অনুষ্ঠিত হয়। প্ৰাক্তন উপ পদাধিকাৰ চুচেন বৰদলৈয়ে উদ্ধোধন কৰা সভাখনত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজ, অসমৰ কাৰ্যপন্থা তথা ভকত বৈষ্ণৱৰ সমাবেশেৰে বৈকুণ্ঠপুৰীলৈ পৰিনত হোৱা বৰছিলা সাৰ্বজনীন ৰাস মন্দিৰৰ পৰিবেশত অভিভূত হৈ পৰা বুলি ভাষণ প্ৰদান কৰাৰ লগতে তেওঁ নিজে গুৰুজনাৰ আদৰ্শেৰে জীৱন যাপন কৰে বুলি কয়।

তিৱা সাহিত্য সভাৰ সভাপতি দীপেন্দ্ৰ নাথ বৰদলৈকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষন প্ৰদান কৰা সভাখনতে 'কাণ্ডাৰী' শীৰ্ষক শ্ৰীমন্ত শংকৰগুৰু নামধৰ্ম জনজাতি সমাজৰ স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰা হয়। আনহাতে কাইলৈ বিভিন্ন ধৰ্মীয়, সাংস্কৃতিক কাৰ্যসূচীৰ লগতে পুৱা ১০ বজাত বিশাল ভাগৱত শোভাযাত্রা আৰম্ভ হব বুলি অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি বীৰেন কুমাৰ বৰদলৈয়ে জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in