চীনৰ পৰিকল্পনাৰে আগবাঢ়িলে অন্ত পৰিব পাৰে যুদ্ধৰ, কিন্তু ইউক্ৰেইন তাৰ বাবে সাজু নহয় : পুটিন

চীনৰ পৰিকল্পনাৰে আগবাঢ়িলে অন্ত পৰিব পাৰে যুদ্ধৰ, কিন্তু ইউক্ৰেইন তাৰ বাবে সাজু নহয় : পুটিন

ডিজিটেল ডেস্ক : বিশ্ব দুই মহাশক্তি ৰাছিয়া আৰু চীনৰ বৈঠকৰ পাছত সকলোৱে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পৰাৰ আশা কৰিছিল যদিও প্ৰকৃততে তেনে নহ'ল । যুদ্ধৰ অন্ত পেলাবলৈ পুটিনক সৈমান কৰাবলৈ সক্ষম নহ'ল জিনপিং । অৱশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধত প্ৰৰোক্ষ অংশগ্ৰহণৰ পাছত এই যুদ্ধ আগন্তুক সময়ত অন্ত পৰাৰ কোনো সম্ভাৱনা নাই । তথাপিও আশা পৰিত্যাগ কৰা নাছিল বিশ্ববাসীয়ে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বেই পুটিনে ৰাছিয়া অধীকৃত ইউক্ৰেইনৰ মাৰিওপ'ল ভ্ৰমণ কৰি আহিছিল । যাৰ পাছতেই সমগ্ৰ বিশ্বতে পুটিনৰ বিৰুদ্ধে এক তীব্ৰ ভাষ্য তৈয়াৰ কৰা হৈছিল । আন্তৰ্জাতিক অপৰাধ ন্যায়ালয়ে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰাৰ পাছতো কিদৰে এজন ব্যক্তি এনেদৰে মুকলিকৈ ঘূৰি ফুৰিব পাৰে সেই সন্দৰ্ভতো উত্থাপন হৈছিল প্ৰশ্ন । আনহাতে, মাৰিওপ'লৰ আছে এক বিশেষত্ব । ইয়াৰ পূৰ্বে হিটলাৰে বিশ্বযুদ্ধৰ সূচনা কৰোতে ভ্ৰমণ কৰিছিল মাৰিওপ'ল । মাৰিওপ'লেই আছিল হিটলাৰে ভ্ৰমণ কৰা ইউৰোপৰ পূৱ দিশৰ সৰ্বাধিক দূৰত্ব ।

জিনপিং আৰু পুটিনৰ বৈঠকে এই সকলো দিশ সামৰি ল'ব বুলি আশা কৰা হৈছিল বৈঠকৰ পূৰ্বে । আনহাতে, চীনে বিশ্ব শান্তিৰ বাবে ১২ টাকৈ কাৰণ দৰ্শাই ইন্টাৰনেটত দাখিল কৰিছিল এক তথ্য । জিনপিঙৰ ভাষ্য অনুসৰি, সেই ১২টা কাৰণ মানি চলিলেই অন্ত পৰিব যুদ্ধৰ । কিন্তু প্ৰতিবেদন খনত উল্লেখ নাছিল ৰাছিয়াৰ ভুলৰ কথা । অতি সন্তৰ্পণে যুদ্ধৰ সূচনাৰ কাৰণ সমূহ অতৰাই চলা হৈছিল ।

যাৰ বাবেই ইউক্ৰেইনে যিকোনো প্ৰকাৰৰ শান্তি আলোচনাৰ পূৰ্বে ইউক্ৰেইনৰ ভূমিৰ পৰা ৰাছিয়াৰ ‍আগ্ৰাসী সেনাক আতৰিবলৈ কৈছিল । ইয়াৰ অবিহনে শান্তি আলোচনা ইউক্ৰেইনৰ মতে অসম্ভৱ । অৱশ্যে ইয়াৰ কাৰণো নথকা নহয় । শান্তি আলোচনালৈ যোৱা মানেই এতিয়া ৰাছিয়াৰ সেনা য'ত আছে ঠিক সেইখিনিলৈ ভূমি ৰাছিয়াৰ হাতলৈ যাব । তেনে হোৱা মানেই যুদ্ধত পৰাজয় বৰণ কৰিলে ইউক্ৰেইনে ।

চীনৰ পৰিকল্পনাৰে আগবাঢ়িলে অন্ত পৰিব পাৰে যুদ্ধৰ, কিন্তু ইউক্ৰেইন তাৰ বাবে সাজু নহয় : পুটিন
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দিল্লীত বিতৰ্কিত পোষ্টাৰিংঃ ১০০ খন এজাহাৰ পঞ্জীয়ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in