প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দিল্লীত বিতৰ্কিত পোষ্টাৰিংঃ ১০০ খন এজাহাৰ পঞ্জীয়ন...

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দিল্লীত বিতৰ্কিত পোষ্টাৰিংঃ ১০০ খন এজাহাৰ পঞ্জীয়ন...
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দিল্লীত বিতৰ্কিত পোষ্টাৰিংঃ ১০০ খন এজাহাৰ পঞ্জীয়ন...

ডিজিটেল ডেস্কঃ দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বিতৰ্কিত পোষ্টাৰিং। প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বিতৰ্কিত পোষ্টাৰ লগোৱা কাৰ্যৰ বাবে দিল্লী আৰক্ষীত প্ৰায় ১০০ খন এজাহাৰ পঞ্জীয়ন হৈছে।

এই এজাহাৰ প্ৰিণ্টিং প্ৰেছ আইন আৰু সম্পত্তি বিকৃতিকৰণ আইনৰ ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে। এই গোচৰৰ ভিত্তিতে এই পৰ্যন্ত ৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

অৱশ্যে যিসমূহ পোষ্টাৰ লগোৱা হৈছে তাত কোনো প্ৰিণ্টিং প্ৰেছৰ বিৱৰণ নাই। আৰক্ষীয়ে এই কাৰ্যৰ বাবে সন্দেহবশতঃ আম আদমী পাৰ্টীৰ কাৰ্যালয়ৰ পৰা ওলাই যোৱা এখন বাহন ৰখাই তালাচী চলাই আৰু বাহনখনৰ পৰা কিছু বিতৰ্কিত পোষ্টাৰ জব্দ কৰে।

ইয়াৰ পিছতে বাহনখনত থকা লোক কেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দিল্লীত বিতৰ্কিত পোষ্টাৰিংঃ ১০০ খন এজাহাৰ পঞ্জীয়ন...
আৰক্ষীৰ বেশত প্ৰৱঞ্চকে লুটি নিলে ২০ লাখ টকা, চিনাকী দিলে আৰক্ষী উপায়ুক্ত বুলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in