'মিষ্টাৰ ইণ্ডিয়া' অতীত, এইবাৰ 'মিষ্টাৰ চাইনা' ! এটা কোট পৰিধান কৰিলেই হৈ পৰে অদৃশ্য...

'মিষ্টাৰ ইণ্ডিয়া' অতীত, এইবাৰ 'মিষ্টাৰ চাইনা' ! এটা কোট পৰিধান কৰিলেই হৈ পৰে অদৃশ্য...

author-image
Asomiya Pratidin
New Update
'মিষ্টাৰ ইণ্ডিয়া' অতীত, এইবাৰ 'মিষ্টাৰ চাইনা' ! এটা কোট পৰিধান কৰিলেই হৈ পৰে অদৃশ্য...

'মিষ্টাৰ ইণ্ডিয়া' অতীত, এইবাৰ 'মিষ্টাৰ চাইনা' ! এটা কোট পৰিধান কৰিলেই হৈ পৰে অদৃশ্য...

ডিজিটেল ডেস্কঃ বাস্তৱধৰ্মী কাহিনীৰ আধাৰত নাটক, চিনেমা অসংখ্য আছে। সত্য ঘটনাৰ আলমতো নিৰ্মাণ হৈ আছে বহু চিনেমা। শেহতীয়াকৈ ৰাজনীতি, সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান, সমাজ আদিলৈ অনবদ্য অৱদান আগবঢ়োৱা বহু কেইজন ব্যক্তিৰ জীৱনৰ আধাৰত এইখন ভাৰততে নিৰ্মাণ হৈছে বহু কেইখন চিনেমা।

Advertisment

এয়া কোনো নতুন কথা নহয়। পিছে এইধৰণৰ চিনেমাক বাদ দিও কল্প কাহিনীক লৈ নিৰ্মাণ কৰা চিনেমাৰ সংখ্যাও বিশ্বত কম নহয়। হলিউডৰ 'হেৰি পটাৰ'ৰ কথা কোনে নাজানে?

ভাৰততো নিৰ্মাণ হৈছে এনে চিনেমা। কোনে পাহৰিব 'মিষ্টাৰ ইণ্ডিয়া' চিনেমাখনৰ কথা। অনিল কাপুৰে হাতত এটা বিশেষ ঘড়ী পিন্ধি অদৃশ্য হৈ পৰাৰ দৃশ্য হয়তো সকলোৰে চকুৰ আগত আজিও ভাঁহি আছে।

চিনেমাত এই দৃশ্য দেখা পোৱা গৈছিল যদিও বাস্তৱিকতে তেনে কোনো ঘড়ি এই পৰ্যন্ত নিৰ্মাণ কৰাৰ কথা কোনেও শুনা নাছিল। হাতত ঘড়ী পিন্ধি অদৃশ্য হৈ পৰাৰ সেই কাহিনী সৰ্বসাধাৰণৰ বাবে 'মিষ্টাৰ ইণ্ডিয়া' চিনেমাখনতেই সম্ভৱ আছিল।

কিন্তু সময় সলনি হ'ল। বিজ্ঞানৰ চমকপ্ৰদ উত্থানে যেন 'মিষ্টাৰ ইণ্ডিয়া'ক বাস্তৱিক কৰি তুলিব ! অৱশ্যে এইবাৰ 'মিষ্টাৰ ইণ্ডিয়া' নহ'ব। এইবাৰ বিশ্বত আবিৰ্ভাৱ 'মিষ্টাৰ চাইনা' !

হয়, চীনে এনে এক প্ৰযুক্তিৰ সন্ধান কৰি উলিয়াইছে যাৰ জৰিয়তে মানুহ অদৃশ্য হৈ পৰিব পাৰিব। শুনিবলৈ আচৰিত যদিও এতিয়া সেয়াই সত্য।

প্ৰায়ে বিভিন্ন কাৰু কাৰ্যৰে চৰ্চাৰ শীৰ্ষত থকা চীনে নিৰ্মাণ কৰিছে মানুহ অদৃশ্য হ'ব পৰা এক বিশেষ কোট। প্ৰকাশিত খবৰ অনুসৰি চীনে এনে এক হাইটেক কোট সৃষ্টি কৰিছে যি কোট পৰিধান কৰাৰ লগে লগে মানুহ অদৃশ্য হৈ পৰে।

প্ৰযুক্তিৰ দিশত বহুদূৰ আগবাঢ়ি যোৱা চীনৰ বাবে যেন সকলো সম্ভৱ। বিশ্ববাসীক আচৰিত কৰি তোলা এই উদ্ভাৱণ অৱশ্যে চীনৰ কোনো বিশেষজ্ঞ বিজ্ঞানীয়ে কৰা নাই, বৰঞ্চ চীনৰ এডল শিক্ষাৰ্থীয়েহে এই অভিনৱ প্ৰযুক্তি সম্বলিত হাইটেক কোট তৈয়াৰ কৰি উলিয়াইছে।

এক তথ্য অনুসৰি এই কোট নিৰ্মাণ কৰা হৈছে এ আই আধাৰিত প্ৰযুক্তিৰে। যিজন ব্যক্তিয়ে এই কোট পৰিধান কৰিব তেওঁ ঠাইতে অদৃশ্য হৈ পৰিব। আনকি এই কোট পৰিধান কৰা ব্যক্তিয়ে সুৰক্ষা কেমেৰাৰ পৰাও সাৰি থাকিব পাৰিব।

যাৰ বাবে এই কোট এতিয়া আন এক চিন্তাৰ কাৰণ হৈ পৰিছে। অপৰাধ প্ৰৱণ ব্যক্তিয়ে এই কোট পৰিধান কৰি কিমান জঘণ্য কাম কৰিব পাৰিব সেয়া কল্পনাৰো অগোচৰ।

অৱশ্যে চীনৰ চৰকাৰে সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পাব পৰাকৈ আগতিয়াকৈ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰি এই কোট নিষিদ্ধ কৰিছে। নিৰাপত্তাৰ ক্ষেত্ৰত এই কোট ভাবুকি স্বৰূপ বুলি যুক্তি দি ইয়াক সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছে।

Also Read: মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰীয়াৰ দ্ৰুত আৰোগ্য কামনাৰে অখণ্ড ভাগৱত পাঠ...

চীন মিষ্টাৰ ইণ্ডিয়া