মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰীয়াৰ দ্ৰুত আৰোগ্য কামনাৰে অখণ্ড ভাগৱত পাঠ...

মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰীয়াৰ দ্ৰুত আৰোগ্য কামনাৰে অখণ্ড ভাগৱত পাঠ...
মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰীয়াৰ দ্ৰুত আৰোগ্য কামনাৰে অখণ্ড ভাগৱত পাঠ...

ডিজিটেল সংবাদ ধুবুৰীঃ পশ্চিমবঙ্গৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অখণ্ড ভাগৱত পাঠ আৰু পালনাম আজি ২৩ ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱা ৯ বজাত সত্ৰৰ মূল নামঘৰত সত্ৰীয়া ৰীতি-নীতি আৰু পৰম্পৰাৰে আৰম্ভ হৈছে। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, সত্ৰৰ ডেকা সত্ৰাধিকাৰ পীতাম্বৰ ভকত, সত্ৰৰ স্থানীয় তদাৰকী সমিতিৰ সভাপতি কেশৱ প্ৰধানী আৰু সম্পাদক ডা⁰ কেশৱ দাসৰ পৰিচালনাত এই অখণ্ড ভাগৱত পাঠ আৰু পালনাম অনুষ্ঠিত হৈ আছে।

মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত বৰ্তমানে অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। সত্ৰাধিকাৰগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

উত্তৰ-বংগৰ জলপাইগুৰি, দিনহাটা, জলপেশ, হৰিপুৰ সত্ৰৰ শতাধিক ভকত আৰু আইসকলৰ লগতে অসমৰ সত্ৰশাল, জিনকাটা সত্ৰৰ কেইবাশতাধিক ভক্তপ্ৰাণ ৰাইজে ভাগৱতৎ পাঠ আৰু পালনামত অংশ লৈ পশ্চিমবঙ্গৰ আকাশ-বতাহ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অমিয়া সৃষ্টিৰ সুৰেৰে মুখৰিত কৰি তোলে।

সত্ৰ সমিতিয়ে আৰু জনোৱা মতে, অসম চৰকাৰে সত্ৰ সমিতিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ধুবুৰী জিলা প্ৰশাসনৰ জৰিয়তে সত্ৰাধিকাৰগৰাকীৰ চিকিৎসা সম্পৰ্কীয় সকলো ধৰণৰ কাৰ্য্য ব্যৱস্থা অব্যাহত ৰাখিছে। মধুপুৰ সত্ৰ সমিতিয়ে সত্ৰাধিকাৰ গৰাকীৰ চিকিৎসাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা শেহতীয়া কাৰ্য্য ব্যৱস্থাক আদৰণি জনাইছে ।

মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰীয়াৰ দ্ৰুত আৰোগ্য কামনাৰে অখণ্ড ভাগৱত পাঠ...
মাজুলীত মৃত গৰু পোৱালি ভক্ষণ কৰি অসুস্থ হোৱা ৭ টা শগুনক কাজিৰঙাত চিকিৎসা...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in