চীনৰ ভূমিকম্পত নিহতৰ সংখ্যা ১১৮ জনলৈ বৃদ্ধিঃ তীব্ৰতৰ উদ্ধাৰ অভিযান...

চীনৰ ভূমিকম্পত নিহতৰ সংখ্যা ১১৮ জনলৈ বৃদ্ধিঃ তীব্ৰতৰ উদ্ধাৰ অভিযান...
চীনৰ ভূমিকম্পত নিহতৰ সংখ্যা ১১৮ জনলৈ বৃদ্ধিঃ তীব্ৰতৰ উদ্ধাৰ অভিযান...

ডিজিটেল ডেস্কঃ সোমবাৰে নিশা চীনত অহা ভূমিকম্পৰ ফলত মৃতকৰ সংখ্যা ১১৮ জনলৈ বৃদ্ধি পাইছে। আনহাতে আহতৰ সংখ্যা ৫ শতাধিকতকৈ অধিক।

উল্লেখ্য যে, চীনৰ গাঞ্জু আৰু কিংহাই প্রদেশত সোমবাৰে নিশা ৬.২ প্ৰাবল্যৰ এক ভূমিকম্পই ধ্বংসলীলা চলাই যায়। এই শক্তিশালী ভূমিকম্পৰ ফলত বহু বাসগৃহভাগি পৰাৰ লগতে কেইবাটাও পথত ফাট মেলাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

এই ভূমিকম্পৰ ফলত দুয়োখন প্ৰদেশতে বিজুলী আৰু যোগাযোগ সেৱাও ব্যাহত হৈ পৰিছে। জানিব পৰা মজে গাঞ্জু প্রদেশতে সৰ্বাধিক ১০৫ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ৩৯৭ গৰাকীৰো অধিক লোক আহত হৈছে।

আনহাতে কিংহাইত ১৩ জন লোক নিহত হোৱাৰ লগতে আহতৰ সংখ্যা প্ৰায় ২০০ জন। মঙ্গলবাৰে চীনৰ ৰাষ্ট্রপতি শ্বি জিনপিঙে এই ভূমিকম্পত ক্ষতিগ্ৰস্তসকলক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে যথাসম্ভৱ সকলো ধৰণৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছে।

চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি অগ্নিনির্বাপক বাহিনীৰ ৩ হাজাৰৰো অধিক লোকে এই উদ্ধাৰ অভিযানত নামি পৰিছে। সমান্তৰালকৈ ক্ষতিগ্ৰস্তৰ মাজত বিতৰণ কৰা হৈছে সাহায্য।

চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি অগ্নিনির্বাপক বাহিনীৰ ৩ হাজাৰৰো অধিক লোকে এই উদ্ধাৰ অভিযানত নামি পৰিছে। সমান্তৰালকৈ ক্ষতিগ্ৰস্তৰ মাজত বিতৰণ কৰা হৈছে সাহায্য।

চীনৰ ভূমিকম্পত নিহতৰ সংখ্যা ১১৮ জনলৈ বৃদ্ধিঃ তীব্ৰতৰ উদ্ধাৰ অভিযান...
স্মার্ট ইণ্ডিয়া হেকাথনৰ ফাইনেলিষ্টৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in