স্মার্ট ইণ্ডিয়া হেকাথনৰ ফাইনেলিষ্টৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়...

স্মার্ট ইণ্ডিয়া হেকাথনৰ ফাইনেলিষ্টৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়...

author-image
Asomiya Pratidin
New Update
স্মার্ট ইণ্ডিয়া হেকাথনৰ ফাইনেলিষ্টৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়...

স্মার্ট ইণ্ডিয়া হেকাথনৰ ফাইনেলিষ্টৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়...

ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে মঙ্গলবাৰে নিশা ৯-৩০ বজাত চলিত বৰ্ষৰ স্মার্ট ইণ্ডিয়া হেকাথনৰ ফাইনেলৰ অংশগ্রহণকাৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে লগতে অংশগ্রহণকাৰীসকলক সম্বোধন কৰে।

Advertisment

উল্লেখ্য, স্মার্ট ইণ্ডিয়া হেকাথনৰ ফাইনেল ১৯ ডিচেম্বৰ, মঙ্গলবাৰৰ পৰা অহা ২৩ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব। চলিত বৰ্ষত ৪৪ হাজাৰ অংশগ্রহণকাৰী দলৰ পৰা ৫০ হাজাৰতকৈও অধিক ধাৰণা পোৱা হৈছে। এই সংখ্যা স্মার্ট ইণ্ডিয়া হেকাথনৰ প্ৰথম সংস্কৰণতকৈ প্রায় ৭ গুণ অধিক।

দেশৰ ৪৮টা নির্বাচিত কেন্দ্রত হ'বলগীয়া হেকাথনৰ ফাইনেলত ১২ হাজাৰতকৈ অধিক অংশগ্রহণকাৰী তথা আঢ়ৈ হাজাৰতকৈও অধিক প্রশিক্ষকে অংশগ্রহণ কৰিছে। এই ফাইনেলত ভাগ ল'বৰ বাবে এহেজাৰ ২৮২টা দল বাছি উলিওৱা হৈছে।

এই দলসমূহে মহাকাশ প্রযুক্তি, দুর্যোগ ব্যৱস্থাপনা, ড্রোন, ঐতিহ্য, সংস্কৃতি আদি বিষয়ৰ বিভিন্ন সমস্যাৰ সমাধান আগবঢ়াব। এই সমস্যাসমূহ ২৫ গৰাকী কেন্দ্রীয় মন্ত্রী আৰু ৰাজ্য চৰকাৰসমূহৰ ৫১টা বিভাগে প্রতিযোগীসকলক প্রদান কৰিব।

প্রতিযোগিতাত প্ৰতিটো সমস্যাৰ সমাধান উলিওৱাৰ বাবে প্রতিটো বিজয়ী দলে নগদ ১ লাখকৈ টকা পুৰস্কাৰ হিচাপে লাভ কৰিব। প্রতিযোগিতাৰ পুৰষ্কাৰৰ বাবদ ২ কোটিতকৈও অধিক ধন ধার্য কৰা হৈছে। উল্লেখযোগ্য যে, ২০১৭ চনত প্ৰথমবাৰৰ বাবে এই প্রতিযোগিতা অনুষ্ঠিত হৈছিল।

Also Read: গোৱালপাৰা মহোৎসৱত দহগৰাকী সাংবাদিকক সম্বৰ্ধনা...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী স্মার্ট ইণ্ডিয়া হেকাথন