ভূটানৰ সৈতে বিতৰ্কিত সীমান্তত চীনৰ গাঁও নিৰ্মাণ...

ভূটানৰ সৈতে বিতৰ্কিত সীমান্তত চীনৰ গাঁও নিৰ্মাণ...

ডিজিটেল ডেস্কঃ চীন আৰু ভূটানৰ মাজত চলি থকা সীমা বিবাদৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। অভিযোগ অনুসৰি বিবাদিত ক্ষেত্ৰত চীনে গাঁও নিৰ্মাণ কৰি আছে। দেওবাৰে হংকং স্থিত চাউথ চাইনা মৰ্ণিং য়ে পোষ্টে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশক পৃথক কৰা পাহাৰীয়া অঞ্চলত কমেও তিনিখন গাওঁ স্থাপন কৰা হৈছে।

প্ৰতিবেদনত চীনা কমিউনিষ্ট পাৰ্টিসকলৰ বিষয়াসকলে জনাই যে দৰিদ্ৰতা দূৰীকৰণ পৰিকল্পনাৰ অংশ হিচাপে এই দ্ৰুত সম্প্ৰসাৰণ আৰম্ভ হৈছিল। কিন্তু ই এতিয়া দ্বৈত ৰাষ্ট্ৰীয় সুৰক্ষাৰ ভূমিকা পালন কৰে।

প্ৰতিবেদন অনুসৰি হিমালয়ৰ এখন দূৰৱৰ্তী গাওঁৰ সীমান্ত অঞ্চলৰ ভিতৰত এই গাঁও নিৰ্মাণ হৈছে। অতি শীঘ্ৰেই ইয়াত ১৮ জন চীনৰ নাগৰিকে গৃহ প্ৰৱেশ কৰিব। এই অঞ্চলটো দীৰ্ঘদিন ধৰি চীন আৰু ভূটানৰ মাজত বিবাদৰ কাৰণ হৈ আহিছে।

উল্লেখ্য যে, চীনে কেৱল এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও সীমান্তত গাঁও নিৰ্মাণ কৰি আহিছে। ভাৰতৰ সীমান্ততো চীনে গাঁও নিৰ্মাণ কৰাৰ অভিযোগ আছে।

ভূটানৰ সৈতে বিতৰ্কিত সীমান্তত চীনৰ গাঁও নিৰ্মাণ...
মাৰাঠাসকলৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত ১০ শতাংশ আসন সংৰক্ষণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in