মাৰাঠাসকলৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত ১০ শতাংশ আসন সংৰক্ষণ...

মাৰাঠাসকলৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত ১০ শতাংশ আসন সংৰক্ষণ...

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ বিধানসভাত গৃহীত মাৰাঠা সংৰক্ষণ বিধেয়ক। এইখন বিধেয়কত মাৰাঠা সমাজৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত ১০ শতাংশ সংৰক্ষণৰ কথা উল্লেখ আছে। বিধেয়কখন সন্দৰ্ভত আলোচনা কৰি মুখ্যমন্ত্ৰী একনাথ সিন্দে কয় যে অ'বিচি ভাইসকল হওঁক বা আন যিকোনো সম্প্ৰদায়, আমি কাৰো সংৰক্ষণৰ ওপৰত প্ৰভাৱ নেপেলোৱাকৈয়ে মাৰাঠাসকলৰ বাবে শৈক্ষিক আৰু চাকৰি সংৰক্ষণ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছো।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যিসকলে উচ্চ ন্যায়ালয়ত মাৰাঠাসকলৰ সংৰক্ষণত তীব্ৰ সমৰ্থনত জনাইছিল তেনে আইন বিশেষজ্ঞসকলৰ সহায়ত এই কাম সম্পূৰ্ণ কৰা হৈছে। ইয়াৰ বাবে টাস্ক ফ'ৰ্চও গঠন কৰা হৈছিল। উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় আৰু অন্যান্য ন্যায়িক পৰ্যায়ত মাৰাঠা সম্প্ৰদায়ৰ বাবে সংৰক্ষণ কেনেদৰে বজাই ৰখা হ'ব সেই সন্দৰ্ভত চৰকাৰ আৰু আয়োগৰ মাজত সমন্বয় বজাই ৰখা হৈছিল।

লগতে তেওঁ কয় মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই মাৰাঠা সমাজলৈ দৃঢ় অৱদান আগবঢ়োৱাৰ সুযোগ পাইছিলো। ইয়াক মোৰ সৌভাগ্য বুলি বিবেচনা কৰো।

মাৰাঠাসকলৰ বাবে শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত ১০ শতাংশ আসন সংৰক্ষণ...
জম্মু-কাশ্মীৰৰ ৭০ বছৰীয়া সপোন অহা কেইটামান বছৰত পূৰণ কৰিমঃ মোডী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in