৬০ বছৰৰ পিচত চীনত জনসংখ্যা হ্ৰাস...

হ্ৰাস হৈছে চীনৰ জনসংখ্যা
হ্ৰাস হৈছে চীনৰ জনসংখ্যা

ডিজিটেল ডেস্ক : সুদীৰ্ঘ ৬০ বছৰৰ পিচত বিগত বৰ্ষত প্ৰথমবাৰলৈ চীনত জনসংখ্যা হ্ৰাস পাইছিল । যোৱা বছৰ চীনৰ ৰাষ্ট্ৰীয় জন্মৰ হাৰৰ অৱনমন ঘটাটো চৰকাৰী নথিত লিপিবদ্ধ হৈছিল । চীনত ২০২২ চনত জন্ম হৈছিল ৯৫ লাখ শিশু । অথচ ২০২১ চনত দেশখনত জন্ম হৈছিল ১.৬২ কোটি শিশু । ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগৰ মতে চীনত ২০২১ চনত জন্মৰ হাৰ আছিল ৭.৫২ শতাংশ । কিন্তু ২০২২ চনত সেইয়া হ্ৰাস পাই হয়গৈ ৬.৬৭ শতাংশ ।

ইয়াৰ অৰ্থ এয়ে যে চীনত যিটো সময়ত ২০২১ বৰ্ষত ১০০০ লোকৰ বিপৰীতে ৭.৫২ শিশু জন্ম হোৱাৰ কথা আছিল সেয়া ২০২২ চনত হ্ৰাস পায় হয়গৈ ৬.৬৭ শতাংশ । ১৯৪৯ চনৰ পিচত প্ৰথমবাৰলৈ এনেদৰে অৱনমিত হৈছে চীনৰ জনসংখ্যা । বিগত বৰ্ষত চীনৰ জনসংখ্যা ১.৪১২৬ বিলিয়ন আছিল । সেয়া বিগত বৰ্ষত হ্ৰাস পাই হয়গৈ ১.৪১১৮ বিলিয়ন । ইয়াৰ অৰ্থ এবছৰত চীনৰ জনসংখ্যা ৮.৫০ লাখ কম হয় ।

অৱশ্যে, ইয়াৰ সৈতে আন এটা কথাও মন কৰিব লাগিব যে বিগত ৩টা বৰ্ষ চীনৰ বাবে আছিল প্ৰচণ্ড প্ৰত্যাহ্বানমূলক । ক'ভিডে এফালৰ পৰা ধ্বংসলীলা চলাই আহিছিল দেশখনত । এনে পৰিস্থিতত মৃত্যু হৈছিল সহস্ৰাৱধিক লোকৰ ।

ইয়াৰ ওপৰিও এনে পৰিস্থিতিত দেশখনত নতুন সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰাও আছিল সাম্ভাৱ্য বিপদৰ প্ৰতি এটি নৱজাতকক ঠেলি পঠিওৱা । তেনে কাৰণতো হ্ৰাস হ'ব পাৰে চীনৰ জনসংখ্যা । সম্পূৰ্ণ  তথ্য প্ৰকাশ পাব দেশখনৰ আগন্তুক লোকপিয়লত হে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in