অনিশ্চিত ভৱিষ্যতৰ দিশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনি শতাধিক অস্থায়ী বনকৰ্মী...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অস্থায়ী বনকৰ্মী
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অস্থায়ী বনকৰ্মী

ডিজিটেল সংবাদ, কাজিৰঙা : অনিশ্চিত ভৱিষ্যতৰ দিশত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত প্ৰায় তিনিশ জন অস্থায়ী বনকৰ্মী ৷ বছৰৰ পাছত বছৰ ধৰি কাজিৰঙাৰ সুৰক্ষাৰ বাবে অধিক কষ্টৰে দিনে নিশাই কৰ্তব্য পালন কৰি আহিছে কাজিৰঙাৰ অস্থায়ী বনকৰ্মীসকলে ৷

অস্থায়ী বনকৰ্মী সকলক বছৰৰ পাছত বছৰ ধৰি স্থায়ীকৰণৰ আশা দি মাহেকত মাত্ৰ নহাজাৰ টকা দৰমহাৰ বিনিময়ত দিনে নিশাই কাজিৰঙাৰ সুৰক্ষাৰ কৰ্তব্যত নিয়োজিত কৰি ৰাখিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ চাকৰি স্থায়ী হোৱাৰ আশা বুকুত বান্ধি বনকৰ্মী সকলে বিভাগীয় হাতীৰ মাহুত বা ঘাচী, যানবাহনৰ চালক, নাৱৰীয়া আদি অতি কষ্টকৰ কাম কৰি প্ৰত্যক্ষ বা পৰোক্ষভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিৰাপত্তাৰ দিশত কাম কৰি আহিছে ৷

আনহাতে কৰ্তব্যৰত অৱস্থাত বহুকেইজন অস্থায়ী বনকৰ্মী বন্যপ্ৰাণীৰ আক্ৰমনত আহত -নিহতও হৈছে ৷ কিন্তু ইয়াৰ পাছতো বুকুত অজস্ৰ আশা লৈ প্ৰায় তিনিশজন অস্থায়ী বনকৰ্মীয়ে সেৱা আগবঢ়াই আহিছে কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থত ৷

উল্লেখ্য যে অস্থায়ী বনকৰ্মীসকলৰ বাবে পূৰ্বতে কিছু সা-সুবিধা আছিল যদিও সেই ব্যৱস্থা এতিয়া নাই বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে ৷ নিজৰ জীৱনৰ কথা নাভাবি কাজিৰঙাৰ জীৱকুলৰ সুৰক্ষাত নিয়োজিত অস্থায়ী বনকৰ্মীসকলৰ কষ্টৰ উচিত বিনিময় নিদিয়াত সৰৱ হৈ পৰিছে সচেতন সমাজ ৷

তেওলোকৰ মতে কাজিৰঙাৰ সুৰক্ষাৰ স্বাৰ্থত ২৪ ঘণ্টাই কৰ্মত নিয়োজিত হৈ থকা অস্থায়ী বনকৰ্মীসকলক অসমৰ বন বিভাগে চূড়ান্ত অৱজ্ঞা কৰিছে ৷ মুখ্যমন্ত্ৰীলৈ তেওলোকৰ দাবী যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা এক লাখ চাকৰিত অন্তৰ্ভুক্ত কৰি নিয়মীয়াকৰণ কৰক কাজিৰঙাৰ অস্থায়ী বনকৰ্মীক ৷ কাজিৰঙাৰ সুৰক্ষাত নিয়োজিত কৰক উদ্যানখনৰ দাতিকাষৰীয়া যুৱক যুৱতীক ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in