টাইৱান সংকটঃ পৰিস্থিতিয়ে লৈছে নতুন ৰূপ, ঘনে ঘনে সলনি হৈছে ৰাজনৈতিক পৰিৱেশ…

টাইৱান সংকটঃ পৰিস্থিতিয়ে লৈছে নতুন ৰূপ, ঘনে ঘনে সলনি হৈছে ৰাজনৈতিক পৰিৱেশ…

author-image
asomiyapratidin
New Update
টাইৱান সংকটঃ পৰিস্থিতিয়ে লৈছে নতুন ৰূপ, ঘনে ঘনে সলনি হৈছে ৰাজনৈতিক পৰিৱেশ…

ডিজিটেল ডেস্কঃ আমেৰিকাৰ সংসদৰ অধ্যক্ষ নেন্সী পেলোচিৰ ইণ্ডো-পেছিফিক ভ্ৰমণে সংকট কঢ়িয়াই আনিছে দক্ষিণ এছিয়ান দেশসমূহলৈ । দক্ষিণ এছিয়ান দেশসমূহৰ অৰ্থনীতি তথা সুৰক্ষা সন্দৰ্ভত এলানি আলোচনাৰ বাবে অহা নেন্সী পেলোচিৰ এই ভ্ৰমণে সামৰি লৈছিল আছিল চীনা অধীকৃত টাইৱানকো ।
উল্লেখ্য যে, যি সময়ত চীনে টাইৱানক তেওঁলোকৰ অধীন বুলি কৈ আহিছে তেনে সময়তে টাইৱানে নিজকে স্বাধীন ৰাষ্ট্ৰৰ আখ্যা দিয়ে।নেন্সী পেলোচিৰ টাইৱান ভ্ৰমণে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত চীনৰ এই দাবীক নাকচ কৰাৰ আশংকাত চীনে পেলোচিৰ এই ভ্ৰমণৰ বিৰোধিতা কৰাৰ লগতে টাইৱানকো আমেৰিকাৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ সকিয়নি প্ৰদান কৰিছিল ।
তাৰ মাজতে ৩ আগষ্টত টাইৱানৰ ৰাজধানী টাইপেইত আহি উপস্থিতি হৈছলহি নেন্সি পেলোচি। পেলোচিৰ উপস্থিতিৰ লগে লগে চীনে ২০ খনৰো অধিক যুদ্ধ বিমান টাইৱানৰ আকাশত উৰুৱাই টাইৱান আৰু আমেৰিকাক প্ৰত্যহ্বান জনাইছিল।
পলোচিৰ ভ্ৰমণে দক্ষিণ পূৱ এছিয়াৰ ৰাজনীতি জটিল কৰি তোলাৰ পিছতে ৪ আগষ্ট বৃহস্পতিবাৰে হঠাত চীনে জাপানৰ আকাশমাৰ্গেৰে পাঁচটা মিছাইল নিক্ষেপ কৰে । ইয়াৰোপৰি টাইৱানৰ বিভিন্ন চৰকাৰী ৱেবচাইটতো দেখা পোৱা যায় চীনা হেকাৰৰ তাণ্ডৱ ।
আনহাতে, পৰিস্থিতিয়ে বিষম ৰুপ লোৱা দেখি নেন্সী পেলোচিয়ে দক্ষিণ কোৰিয়াৰ সংবাদ মেলত এৰাই চলে টাইৱান সম্বন্ধীয় সকলো প্ৰশ্ন । জাপানৰ প্ৰধানমন্ত্ৰীয়েও আমেৰিকাক আহ্বান জনায় সম্পূৰ্ন বিষয়টো শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ ।
উল্লেখ্য যে, চীনৰ দক্ষিণ-পূৱ সমূদ্ৰ এলেকাৰ পৰা মাত্ৰ ১০০ মিটাৰ আঁতৰত হোৱা বাবে টাইৱানে সকলো আকাশীযানৰ চলাচল তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ বাধ্য হয় ।

Advertisment

আৰু পঢ়ক : অস্থিৰ ৰাজনীতিঃ সময়তকৈ আগত নিৰ্বাচন !

china america