অস্থিৰ ৰাজনীতিঃ সময়তকৈ আগত নিৰ্বাচন !

অস্থিৰ ৰাজনীতিঃ সময়তকৈ আগত নিৰ্বাচন !

ডিজিটেল ডেস্কঃ এই বছৰ অক্টোবৰতেই হ'ব নিৰ্বাচন, জনালে পাকিস্তানৰ নিৰ্বাচন সমিতিয়ে । পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ইমৰাণ খানৰ অপসাৰণৰ পাছত আকৌ এবাৰ অস্থিৰ হ'ল দেশখনৰ ৰাজনৈতিক পৰিৱেশ । ২০২৩ ত অনুষ্ঠিত হ'ব লগা দেশখনৰ পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব চলিত বৰ্ষৰ অক্টোবৰ মাহত ।

পাকিস্তানী সংবাদ পত্ৰ দ্যা এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈ সম্পূৰ্ণ হৈ উঠিছে পৌৰসভা নিৰ্বাচন সম্পৰ্কীয় সকলো প্ৰস্তুতি । উল্লেখ্য যে, দেশখনৰ নিৰ্বাচন সমিতিয়ে জনোৱা অনুসৰি পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে আগষ্টৰ ৪ তাৰিখলৈ নিৰ্বাচন সম্পৰ্কীয় সকলো ন্যায়িক প্ৰস্তুতি সম্পন্ন কৰিবলৈ আদেশ দিছে ।
আনহাতে, সমিতিয়ে আগষ্ট মাহৰ শেষলৈ দাখিল কৰিব ভোটাৰ আৰু পৌৰসভা সমষ্টিৰ তালিকা । পাকিস্তানত পৌৰসভাৰ শেষ নিৰ্বাচন অনুষ্ঠিত হৈছিল ২০১৮ চনৰ জুলাই মাহত। নিৰ্বাচিত এই পৌৰ সভাৰ কাৰ্যকালৰ সময়সীমা আছিল ২০২৩ চনৰ অক্টোবৰ মাহলৈ ।
পাকিস্তান তেহৰিক-এ-ইনচাফৰ অধ্যক্ষ ইমৰাণ খানৰ ভাষ্য অনুসৰি পাকিস্তানৰ বৰ্তমানৰ ৰাজনৈতিক সংকট কালৰ সমাধান এটাই, সম্পূৰ্ণ নিকা আৰু স্বচ্চ নিৰ্বাচন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in