বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট! ৰাজ্যত হ'ব প্ৰৱল বৃষ্টিপাত, ধুমুহা...

আগন্তুক ৩-৪ দিনলৈ হ'ব ৰাজ্যত ধাৰাসাৰ বৰষুণ। এই তথ্য দিছে বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীয়ে ।

author-image
Asomiya Pratidin
New Update
মোকাঃ প্ৰতি ঘন্টাত ১৭৫ কিলোমিটাৰ! উত্তৰ-পূৱত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱণা...

ডিজিটেল ডেস্কঃ আগন্তুক ৩-৪ দিনলৈ হ'ব ৰাজ্যত ধাৰাসাৰ বৰষুণ। এই তথ্য দিছে বতৰ বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীয়ে । বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ১৫ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ ৰাজ্যত প্ৰচুৰ বৰষুণৰ লগতে ধুমুহা-বজ্ৰপাত,শিল বৰষুণ অহাৰ সম্ভাৱণা আছে।

Advertisment

১৫ মাৰ্চত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান অনুসৰি আজি ৰাজ্যৰ বিভিন্ন স্থানত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ লগতে ধুমুহা, ঢেৰেকনি, শিল বৰষুণ অহাৰ সম্ভাৱণা আছে।আনহাতে আন কেইদিনত কিছু ঠাইত প্ৰৱল বৃষ্টিপাতৰ লগতে আন কিছু ঠাইত পাতলীয়া বৰষুণৰ সম্ভাৱণা আছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি মঙলবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত বৰষুণ আৰম্ভ হৈছে। বৰষুণৰ লগতে ঢেৰেকনি, বতাহ অহাও পৰিলক্ষিত হয়। আনহাতে ১৪ মাৰ্চতো ৰাজ্যৰ বিভিন্ন স্থানত শিলাবৃষ্টি হয়।

উল্লেখ্য যে, কেইদিনমান পূৰ্বে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা তথ্য অনুসৰি অসমত বৰষুণৰ পৰিমাণ ৭৬ শতাংশ হ্ৰাস পাইছে। জানুৱাৰী-ফেব্ৰুৱাৰী মাহত সাধাৰণতে যিমান বৃষ্টিপাত হ'ব লাগে তাতকৈ প্ৰায় ৭৬ শতাংশ কম বৰষুণ হৈছে।

অসমৰ কেইবাখনো ৰাজ্যত বৰষুণৰ পৰিমাণ ১০০ শতাংশ হ্ৰাস পাইছে। কেৱল অসম বুলিয়েই নহয়, অৰুণাচল প্ৰদেশত ৫৩ শতাংশ, মণিপুৰত ৯৯ শতাংশ, মেঘালয়ত ৯৯ শতাংশ,মিজোৰামত ১০০ শতাংশ, নাগালেণ্ডত ৯৯ শতাংশ আৰু ত্ৰিপুৰাত ১০০ শতাংশ বৃষ্টিপাতৰ ঘাটি হৈছে।

Also Read: অৰুণাচল প্ৰদেশৰ ভাৰতৰ অবিচ্ছেদ্য অংগ, চীনৰ নহয়ঃ আমেৰিকা যুক্তৰাষ্ট্ৰ

assam weather