‘মগজু খোৱা এমিবা’ৰ সংক্ৰমণত শিশুৰ মৃত্যু, ৭ দিন ধৰি যুঁজ দিছিল এই বেমাৰৰ সৈতে

মগজু খোৱা এমিবাৰ’ সংক্ৰমণৰ ফলত মৃত্যু হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাভেদা চহৰৰ এটি দুই বছৰীয়া শিশুৰ।

author-image
Asomiya Pratidin
New Update
‘মগজু খোৱা এমিবা’ৰ সংক্ৰমণত শিশুৰ মৃত্যু, ৭ দিন ধৰি যুঁজ দিছিল এই বেমাৰৰ সৈতে

ডিজিটেল ডেস্কঃ মগজু খোৱা এমিবাৰ’ সংক্ৰমণৰ ফলত মৃত্যু হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাভেদা চহৰৰ এটি দুই বছৰীয়া শিশুৰ। নিউৱৰ্ক পষ্টৰ এক প্ৰতিবেদন অনুসৰি উড্ৰ বাণ্ডী নামৰ শিশুটিৱে পানীত খেলি থকাৰ সময়তে নেগলেৰিয়া ফাউলেৰী (মগজু খোৱা এমিবা)ৰ দ্বাৰা আক্ৰান্ত হৈ যোৱা ১৯ জুলাইত মৃত্যুমুখত পৰে।

Advertisment

শিশুটিৰ মাতৃ মিচেচ ব্ৰিয়ানাই ফেচবুক পোষ্টযোগে এই হৃদয়বিদাৰক ঘটনাৰ বিষয়ে জনাই কয় যে, যোৱা নিশা ২ বাজি ৫৬ মিনিটত তেওঁৰ পুত্ৰই শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ পুত্ৰই এই ৰোগত আক্ৰান্ত হোৱাৰ পাছতো সম্পূৰ্ণ সাত দিন মৃত্যুৰ সৈতে যুঁজছিল।যাৰ দ্বাৰা তেওঁৰ পুত্ৰই এই নেগলেৰিয়া ফাউলেৰী ৰোগত আক্ৰান্ত হৈও সৰ্বাধিক দিন জীয়াই থকা ব্যক্তিৰূপে অভিলেখ গঢ়ি থৈ যায়।

সাধাৰণতে এই ৰোগত আক্ৰান্ত ব্যক্তিসকল সৰ্বাধিক ৩ দিনলৈহে জীয়াই থাকে। ইয়াৰ লগতে তেওঁ কয় যে তেওঁ ঈশ্বৰক ধন্যবাদ জ্ঞাপন কৰিছে কৰিছো কাৰণ ঈশ্বৰ পৃথিৱীৰ সকলোতকৈ সাহসী ল’ৰাটোক তেওঁৰ সন্তানৰ ৰূপে দিছিল । লগতে তেওঁ এইটো ভাবি সুখী যে মৃত্যুৰ পিছত পুনৰ তেওঁ স্বৰ্গত তেওঁৰ সন্তানক লগ পাব পাৰিব।

বাণ্ডী পৰিয়ালৰ বন্ধুসকলে সামাজিক মাধ্যমত প্ৰকাশ কৰা এক পোষ্ট অনুসৰি, যোৱা সপ্তাহত  উড্ৰ বাণ্ডীৰ দেহত ফ্লুৰ দৰে লক্ষণে দেখা দিছিল আৰু তাৰ পাছতেই মিচেচ ব্ৰিয়ানাই তেওঁক ততাতয়াকৈ চিকিৎসালয়লৈ লৈ যায়।

প্ৰথমে চিকিৎসক সকলে শিশুটি মেনিনজাইটিছত আক্ৰান্ত বুলি সন্দেহ কৰিছিল যদিও পৰীক্ষা-নিৰীক্ষাৰ অন্তত দুই বছৰীয়া শিশুটি ‘মগজু খোৱা এমিবা’ৰ দ্বাৰা আক্ৰান্ত বুলি নিশ্চিত হয়।

উল্লেখ্য যে  মগজু খোৱা এমিবা নামেৰে পৰিছিত এই নেগলেৰীয়া ফাউলেৰী ৰোগত আক্ৰান্ত হৈ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত আমেৰিকাত এগৰাকী ৫০ বছৰীয়া লোকৰ মৃত্যু ঘটে।

এই ঘটনাৰ দুদিন পূৰ্বে দুৰ্ভগীয়া শিশুটিৰ মাতৃ মিচেচ ব্ৰিয়ানাই ফেচবুক পোষ্টযোগে চেন্টাৰ ফৰ ডিজিচ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ(চিডিচি) বিৰুদ্ধে এক অভিযোগ তুলি কয় যে তেওঁলোকে দুবছৰীয়া শিশুটিক চিকিৎসা প্ৰদান কৰাৰ বাবে অস্বীকাৰ কৰিছিল। অৱশ্যে এই পৰ্যন্ত চিডিচিয়ে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

চেন্টাৰ ফৰ ডিজিছ কণ্ট্ৰল এণ্ড প্ৰিভেচনৰ মতে, নেগলেৰীয়া ফাউলেৰী হৈছে এক প্ৰকাৰৰ এমিবা(এককোষী জীৱিত জীৱ) যি হ্ৰদ, নদী, গৰম পানীৰ উৎসৰ দৰে উষ্ণ মিঠা পানীৰ পৰিৱেশত পোৱা যায়। এমিবাযুক্ত পানী নাকৰ ওপৰেৰে পাৰ হৈ গলে ই মগজুত সংক্ৰমিত হ'ব পাৰে যাৰ বাবেই ইয়াক মগজু খোৱা এমিবা বুলি কোৱা হয়। ই এক বিৰল আৰু মাৰাত্মক ৰোগ।

নেলগেৰীয়াযুক্ত পানীৰ সংস্পৰ্শলৈ অহাৰ এদিনৰ পৰা ১২ দিনৰ ভিতৰত এই ৰোগৰ লক্ষণসমূহে দেখা দিয়ে। তীব্ৰ মূৰৰ বিষ, জ্বৰ, বমি বমি ভাৱ, ডিঙিৰ জঠৰতা আদি এই ৰোগত আক্ৰান্ত হোৱাৰ লক্ষণ। চিডিচিৰ মতে, এই ৰোগত আক্ৰান্ত ব্যক্তিসকলৰ লক্ষণ দেখা দিয়াৰ একৰ পৰা ১৮ দিনৰ ভিতৰত মৃত্যু হয়।

Also Read: চিৰাঙৰ বাসুগাঁৱত বজ্ৰপাতত কেইবাটাও পশুধনৰ কৰুণ মৃত্যু

Brain-Eating Amoeba