চিৰাঙৰ বাসুগাঁৱত বজ্ৰপাতত কেইবাটাও পশুধনৰ কৰুণ মৃত্যু

চিৰাঙৰ বাসুগাঁৱত বজ্ৰপাতত কেইবাটাও পশুধনৰ কৰুণ মৃত্যু

ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ চিদলী ৰাজহচক্ৰৰ অন্তৰ্গত বাসুগাঁও চহৰৰ সমীপৰ শিলপাট গাঁৱত শুকুৰবাৰে পুৱাৰ ভাগত বজ্ৰপাতত গোহালিতে তিনিটাকৈ পশুধনৰ কৰুণ মৃত্যু হয় । জানিব পৰা মতে আজি পুৱা সাত বজাত প্ৰচণ্ড বৰষুণ দিয়াৰ সময়তে শিলপাট গাঁৱৰ মোগল হুছেইন নামৰ এজন ব্যক্তিৰ বাসগৃহত বজ্ৰপাতত এই ঘটনা সংঘটিত হয় ।

এই বজ্ৰপাতৰ ফলত হুছেইনৰ গোহালিত বান্ধি থোৱা অৱস্থাতে দুটা গাই গৰু আৰু এটি দমৰা গৰুৰ কৰুণ মৃত্যু হয় । সৌভাগ্য ক্ৰমে আজিৰ বজ্ৰপাতৰ ঘটনাত মোগল হুছেইন ঘৰৰ মানুহৰ ক্ষয়ক্ষতি নহ'লেও বজ্ৰপাতৰ প্ৰচণ্ড শব্দত কিছু সদস্যৰ শ্ৰৱণ শক্তিৰ সমস্যাই দেখা দিছে ।

চিৰাঙৰ বাসুগাঁৱত বজ্ৰপাতত কেইবাটাও পশুধনৰ কৰুণ মৃত্যু
কাশ্মীৰত মৃত্যু অসমৰ চিআৰপিএফ জোৱানৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in