আমোদৰ বাবে অংশ লোৱা লটাৰী প্ৰতিযোগিতাই আনিলে ৪৮ মিলিয়ন ডলাৰ

আমোদৰ বাবে অংশ লোৱা লটাৰী প্ৰতিযোগিতাই আনিলে ৪৮ মিলিয়ন ডলাৰ

ডিজিটেল ডেস্ক : জুলিয়েট লেমুৰ, এগৰাকী ১৮ বছৰীয়া কানাডিয়ান কিশোৰী । প্ৰথমবাৰৰ বাবে আমোদৰ উদ্দেশ্যেৰে কাটিছিল লটাৰীৰ টিকেট । এই টিকেট কিশোৰী গৰাকীয়ে কাটিছিল ১৮ বছৰীয়া জন্মদিনৰ দিনাখন । কোনো উপহাৰ অথবা পুৰস্কাৰ লাভ কৰাৰ কোনো আশাই কৰা নাছিল জুলিয়েটে ।

কিন্তু কাৰ ভাগ্য কেনেদৰে সলনি হয় সেইয়া জানো পূৰ্বতেই অনুমান কৰিব পৰা যায় ! আৰু সেয়াই হ'ল জুলিয়েটৰ সৈতে । কিশোৰী গৰাকীয়ে জীৱনৰ প্ৰথমটো লটাৰী টিকেটতেই লাভ কৰিলে ৪৮ মিলিয়ন ডলাৰ । ভাৰতীয় হিচাপত ই প্ৰায় ৪০০ কোটি টকা । এনে এক বিশাল ধনৰাশি লাভ কৰিম বুলি কাহানিও ভবা নাছিল জুলিয়েটে । ইয়াৰ সৈতেই এনে বৃহৎ ধনৰাশি লটাৰীৰ জৰিয়তে লাভ কৰা প্ৰথম গৰাকী কানাডিয়ান হৈ পৰে জুলিয়েট ।

উল্লেখ্য যে, জুলিয়েটক হেনো লটাৰীৰ টিকেট ক্ৰয় কৰিবলৈ উপদেশ দিছিল তেখেতৰ ককাকে । লটাৰী টিকেটোৰ বিষয়ে সম্পূৰ্ণ ৰূপে পাহৰিও পেলাইছিল জুলিয়েটে । গৃহ চহৰৰ কোনোবাই এই পুৰস্কাৰ লাভ কৰা বুলি জানিবলৈ পায় হে বিচাৰ লৈছিল টিকটটোৰ ।

আমোদজনক কথাটো হ'ল বিদেশৰ কৰ্মসংস্কৃতি আৰু ভাৰতৰ কৰ্মসংস্কৃতিৰ মাজৰ পাৰ্থক্যটো হে । এনে এক বৃহৎ সংখ্যক ধনৰাশি জিকাৰ পাছত আপুনি-মই হয়তো আনন্দত আত্মহাৰা হৈ পাহৰি পেলাম চৌপাশৰ কথা কিন্তু কানাডিয়ান জুলিয়েট সেই সময়ত আছিল কৰ্মৰত অৱস্থাত । নিজা কৰ্ম সম্পূৰ্ণৰূপে সম্পাদনা কৰিহে বাসগৃহলৈ উভতিছিল কিশোৰী গৰাকী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in