নামনি অসমৰ পৰা দেশৰ অন্যতম উদ্যোগীলৈ...

নামনি অসমৰ পৰা দেশৰ অন্যতম উদ্যোগীলৈ...

ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বত অব্যাহতে আছে হিংসা, হত্যা, অপৰাধমূলক কাৰ্যকলাপ । ধৰ্মীয় ‍অসহিষ্ণুতাই কোঙা কৰি তুলিছে মানুবোৰৰ মানসিক মেৰুদণ্ড । তাৰেই মাজতে অহা ভাল খবৰবোৰে প্ৰয়াত কাব্যঋষি নীলমণি ফুকনে কোৱাৰ দৰেই "মুকলিকৈ উশাহ ল'ব পাৰিছেনে ?"

অসমত বিগত কিছু বছৰত বৃদ্ধি পাইছে সংখ্যালঘু আৰু সংখ্যাডগৰিষ্ঠসকলৰ মাজৰ বিদ্বেষ । এই বিদ্বেষ সম্পূৰ্ণৰূপে সুবিধাবাদীৰ সৃষ্টি । শংকৰ-আজানৰ দেশ অসমত কাহানিও নাছিল এনে পৰিস্থিতি । এই পৰিস্থিতিৰ বিশ্লেষণ আন এক বিষয় কিন্তু তাৰেই মাজতে তথাকথিত "সংখ্যালঘু" সম্প্ৰদায়ৰ এজন যুৱকে সমগ্ৰ ৰাজ্যলৈ কঢ়িয়াই আনিলে গৌৰৱ আৰু আশাৰ বতৰা ।

এই গৰাকী যুৱক হৈছে নামনি অসমৰ মুঞ্জিৰ আলম । কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সহযোগত নৱ প্ৰজন্মৰ মাজত উদ্যমিতা সম্পৰ্কে সজাগতা বৃদ্ধি কৰি নৱ প্ৰজন্মক ইয়াৰ বাবে সকলো সা-সুবিধা প্ৰদান কৰিবলৈ বদ্ধ পৰিপক্ক হোৱাৰ সময়তেই দেশৰ শীৰ্ষৰ ১৫ গৰাকী উদ্যোগী যুৱকৰ তালিকাত স্থান লাভ কৰিলে এইজন মুঞ্জিৰ আলমে ।

ৰাজ্যৰ শিক্ষা ক্ষেত্ৰৰ সৈতে জড়িত হৈ থকা মুঞ্জিৰ আলমে আজিৰ পৰা ২ বছৰ পূৰ্বে আৰম্ভ কৰিছিল সময়োপযোগী শিক্ষানুষ্ঠান "হাউলী নেশ্বনেল চায়েঞ্চ একাডেমী । হাইস্কুলীয়া শিক্ষা সাং কৰি উচ্চ শিক্ষা তথা ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে লাগতীয়াল শিক্ষা প্ৰদান কৰে এই শিক্ষানুষ্ঠানটিয়ে ।

উল্লেখ্য যে, মুঞ্জিৰ আলমৰ ব্যক্তিগত শিক্ষা জীৱনো আছিল বৰ্ণিল । মুম্বাইৰ আন্ত:ৰাষ্ট্ৰীয় বিজনেছ স্কুলৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি তিনি বছৰৰ বাবে ডুবাই আৰু ছিংগাপুৰত মাৰ্কেটিং মেনেজাৰ ৰূপে কৰ্মৰত অৱস্থাত আছিল । কিন্তু ক'ভিড কালত নিজা বাসগৃহ বৰপেটালৈ উভতি আহি অনুধাৱন কৰিলে অঞ্চলটিত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান এটিৰ প্ৰয়োজনীয়তা । তাৰে পৰাই আৰম্ভ হ'ল এই সফলতাৰ যাত্ৰা...       

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in