পৰিৱেশলৈ অহনিৰ্শে ভাবুকি কঢ়িয়াই আনিছে ব্ৰাজিলে...

পৰিৱেশলৈ অহনিৰ্শে ভাবুকি কঢ়িয়াই আনিছে ব্ৰাজিলে...

আটলান্টিক মহাসাগৰত বুৰালে ৩২ হেজাৰ টনৰ জাহাজ

ডিজিটেল ডেস্ক : প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ ব্ৰাজিল । এমাজন অৰণ্যৰ পৰা আৰম্ভ কৰি নদীলৈকে সমকো ফালৰ পৰাই প্ৰকৃতিৰ আশীৰ্বাদপুষ্ট ব্ৰাজিলে কিন্তু এই আশীৰ্বাদক অভিশাপলৈ পৰিণত কৰি আহিছে শেহতীয়াকৈ । বিগত বৰ্ষৰ এমাজন অৰণ্যৰ বনজুইৰ বিষয়ে আকৌ মনত পেলাই দিয়াৰ নিশ্চয় প্ৰয়োজন নাই পৰিৱেশ সচেতন লোকক ।কিন্তু এই বনজুইৰ অন্তৰালত আছিল আন এক কাহিনী । আমাজন অৰণ্যৰ এক বৃহৎ অংশ কোনো উদ্যোগীক মুকলি কৰি দিয়াৰ বাবেই তেতিয়াৰ ৰাষ্ট্ৰপতিৰ তত্বাৱধানত বনজুই লগোৱা হৈছিল বুলি উত্থাপন হৈছিল বহু দাবী । সেই সন্দৰ্ভত ব্ৰাজিলত গঢ় লৈ উঠিছিল বহু প্ৰতিবাদো ।

এইবাৰ ব্ৰাজিলৰ ছাও পাওলো নামৰ ৩২ হেজাৰ টনৰ এক জাহাজ ডুবাই দিয়া হ'ল আটলান্টিকৰ বুকুত । এই জাহাজৰ আছিল কেইবা হেজাৰ টন এজবেষ্টন যি এক কাৰ্ছিনোজেনিক খনিজ পদাৰ্থ যি অতি সহজেই সৃষ্টি কৰিব পাৰে কৰ্কট ৰোগৰ । ইয়াৰ ওপৰিও জাহাজখনত আছিল পাৰা, সীহ আৰু আন বহু বিষাক্ত দ্ৰৱ্য যি আগন্তুক সময়ত কেৱল সামুদ্ৰিক জীৱৰ ক্ষেত্ৰতেই নহয় বৰং সমগ্ৰ বিশ্বতেই ক্ষতি সাধিব বুলি আশংকা কৰিছে পৰিৱেশ বিজ্ঞানী সকলে ।

উল্লেখ্য যে, এই ঘটনা সংঘটিত হ'ল ব্ৰাজিলৰ পৰা ৩৫০ কিলোমিটাৰ দূৰৈত, যি অঞ্চলত সামুদ্ৰিক গভীৰতা প্ৰায় ১৬ হেজাৰ ফুট । এই সিদ্ধান্ত লোৱা হ'ল প্ৰায় ৬ দশক পুৰণি ছাও পাওলোক কোনো বন্দৰেই বিশ্ৰাম দিবলৈ ঠাই দিবলৈ অপাৰগ হোৱাৰ বাবে । কিন্তু সাধাৰণতে এনে ধৰণৰ জাহাজৰ ক্ষেত্ৰত জাহাজসমূহ পুৰণি অথবা বিকল হোৱাৰ পিছত বিভিন্ন কামৰ বাবে ব্যৱহাৰ কৰা হয় ইয়াৰ শৰীৰ । কোনোবাই হয়তো লো ৰপ্তানি কৰে কোনো উদ্যোগলৈ, নিৰ্মাণ কৰা হয় নতুন গাড়ী-মটৰ । আন কোনো অংশৰ ব্যৱহাৰ হয় আন কোনো ধৰণে । তেনেস্থলত ব্ৰাজিলে কিয় নল'লে এই সিদ্ধান্ত ? পৰিৱেশৰ প্ৰতি এক নতুন ভাবুকি কঢ়িয়াই অনাৰ পৰিনাম যে এদিন ব্ৰাজিলেও ভুগিব সেইয়া খাটাং ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in