সাৰে থাকিল সমগ্ৰ দেশ, পেলেৰ নশ্বৰ দেহ লৈ শোভাযাত্ৰা চান্টোছ চহৰত...

সাৰে থাকিল সমগ্ৰ দেশ, পেলেৰ নশ্বৰ দেহ লৈ শোভাযাত্ৰা চান্টোছ চহৰত...

ডিজিটেল ডেস্ক : ব্ৰাজিলৰ বাবে ফুটবল প্ৰাণ । ফুটবল মানেই ধৰ্ম । আৰু কিম্বদন্তি ফুটবলাৰ পেলে সমগ্ৰ বিশ্বৰ বাবে প্ৰাণৰো প্ৰাণ । পেলেৰ মৃত্যুৰ সৈতেই অৱসান ঘটিছিল এটি যুগৰ । কিন্তু ফুটবল জগতৰ যুগদ্ৰষ্টা গৰাকীক জানো এনেই বিদায় দিব পাৰিব ব্ৰাজিলে ? যি পেলেক চৰকাৰে ঘোষণা কৰিছিল ৰাষ্ট্ৰীয় সম্পদ বুলি, যি পেলেই নিজৰ দেশ এৰি নেখেলিলে কোনো ইউৰোপীয়ান ক্লাবৰ হৈ ।

সেই পেলেক অন্তিম শ্ৰদ্ধা জনাবলৈ ওৰে নিশা সাৰে থাকিল ব্ৰাজিলবাসী । মঙলবাৰে সমগ্ৰ চান্টোছ চহৰত পেলেৰ নশ্বৰ দেহৰ সৈতে শোভাযাত্ৰা কৰিলে ৰাইজে । কেৱল সেয়াই নহয় বৰং এলবাৰ্ট আইনষ্টাইন চিকিৎসালয়ৰ পৰা পেলেৰ নশ্বৰ দেহ লৈ অনা অৱস্থাত আতচবাজীৰে বিদায় জনোৱা হ'ল প্ৰয়াত খেলুৱৈ গৰাকীক ।

উল্লেখ্য যে, খেলুৱৈ গৰাকীৰ নশ্বৰ দেহটি চান্টোছ ফুটবল ক্লাবৰ খেলপথাৰত ৰখা হ'ব ৰাজহুৱা সন্মান জনাবলৈ । ইয়াৰ ওপৰিও সমগ্ৰ ব্ৰাজিল সজাই তোলা হৈছে পেলেৰ বেনাৰ, ফেষ্টুনেৰে । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যোগ দিলে ব্ৰাজিলৰে তাৰকা খেলুৱৈ নেইমাৰ, ৰোমাৰিয়ো আৰু জনপ্ৰিয় ফুটবল ক্লাব ৰিয়েল মাদ্ৰিদৰ কৰ্তৃপক্ষই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in