/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/41d705f5-5a8a-444d-9845-93bbcf3b789c/nepal.jpg)
ডিজিটেল ডেস্ক: নেপালৰ বিমান দুৰ্ঘটনাত নিহত চাৰিজন লোকৰ মৃতদেহ ভাৰতলৈ অনা হয়। মঙলবাৰে কাঠমাণ্ডুৰ পৰা উত্তৰ প্ৰদেশৰ গাজীপুৰলৈ ঘূৰাই অনা হয় মৃতদেহ।
ঘটনাটোত নিহত হোৱা ভাৰতীয়ৰ ভিতৰত আছিল চনু জৈশৱাল, অনিল ৰাজভৰ, অভিষেক কুশৱাহা আৰু বিশাল শৰ্মা । ঘটনাস্থলীত জিলা প্ৰশাসন আৰু আৰক্ষী বাহিনী উপস্থিত হৈছে ।
দেওবাৰে নেপালৰ চিকিৎসক সকলে ভুক্তভোগী সকলৰ পৰিয়ালৰ দ্বাৰা প্ৰদান কৰা প্ৰমাণৰ ভিত্তিত অনিল কুমাৰ ৰাজভৰ আৰু অভিষেক কুশৱাহাৰ মৃতদেহ চিনাক্ত কৰিছিল।
১৫ জানুৱাৰীত মধ্য নেপালৰ ৰিজৰ্ট চহৰ পোখৰাত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। প্ৰায় ৭০ জন লোকৰ মৃত্যু হৈছিল এই দুৰ্ঘটনাত।
আৰু পঢ়ক: পুনৰ বিতৰ্কত মঙলদৈ অসামৰিক চিকিৎসালয়, মৃতদেহক লৈ হাহাকাৰ...