পুনৰ বিতৰ্কত মঙলদৈ অসামৰিক চিকিৎসালয়, মৃতদেহক লৈ হাহাকাৰ...

বিতৰ্কই লগ নেৰে মঙলদৈ অসামৰিক চিকিৎসালয়ক। মঙলদৈ অসামৰিক চিকিৎসালয়ে ঘৰলৈ পঠিয়াই দিয়া মৃতদেহ গাওঁ বাসীয়ে লৈ আহে মঙলদৈ সদৰ থানালৈ।
পুনৰ বিতৰ্কত মঙলদৈ অসামৰিক চিকিৎসালয়, মৃতদেহক লৈ হাহাকাৰ...

ডিজিটেল সংবাদ, মঙলদৈ: বিতৰ্কই লগ নেৰে মঙলদৈ অসামৰিক চিকিৎসালয়ক। মঙলদৈ অসামৰিক চিকিৎসালয়ে ঘৰলৈ পঠিয়াই দিয়া মৃতদেহ গাওঁ বাসীয়ে লৈ আহে মঙলদৈ সদৰ থানালৈ। বিহ পান কৰি মৃত্যু হোৱা লোকক মৰণোত্তৰ পৰীক্ষা নকৰাকৈ ঘৰলৈ পঠিয়াই দিয়ে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষই।

মঙলদৈ চহৰৰ নিকটবৰ্তী ১ নং বেজপাৰা গাঁৱৰ হেমন্ত ডেকা ( ৪০ বছৰ) সোমবাৰে দিনৰ ভাগতে অজ্ঞাত কাৰণবশত সামান্য পৰিমাণে নিগনি মৰা বিহ খাইছিল। ততালিকে আত্মীয়ই মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

ঘৰৰ পৰিয়ালে অভিযোগ উত্থাপিত কৰে যে অকনমান বিহ সেৱন কৰা কাৰণেই মৃত্যু হোৱা নাই হেমন্তৰ। পৰিয়ালৰ অভিযোগ যে মঙলবাৰে পুৱা ৭বাজি ৩৫ মিনিটত মৃত্যু হোৱা হেমন্ত ডেকাক চিকিৎসকে ভুল চিকিৎসা কৰিহে মাৰিলে।

অভিযোগ কৰে যে বিহ খাই মৃত্যু হোৱা লোক জনক মৰণোত্তৰ পৰীক্ষা নকৰাকৈ কিয় পঠিয়াই দিলে ঘৰলৈ ।এই ধৰণৰ প্ৰশ্নৰ অবতাৰনা কৰি হেমন্ত ডেকাৰ মৃতদেহটো মঙলদৈৰ সদৰ আৰক্ষী থানালৈ গাওঁ বাসীয়ে লৈ আহি ন্যায় বিচাৰি উপস্থিত হয় আৰু পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষা কৰিবলৈ আহ্বান জনায়।

আৰু পঢ়ক: মুখ্যমন্ত্ৰী মহোদয়, আমাৰ 'অনুৰ' কি হ'ব ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in