পুনৰ নাও দুৰ্ঘটনাঃ ৭৫০ যাত্ৰীৰ ৫০০ ৰো অধিক সন্ধানহীন, ৭৯ গৰাকীৰ মৃত্যু নিশ্চিত...

পুনৰ নাও দুৰ্ঘটনাঃ ৭৫০ যাত্ৰীৰ ৫০০ ৰো অধিক সন্ধানহীন, ৭৯ গৰকীৰ মৃত্যু নিশ্চিত...

author-image
Asomiya Pratidin
New Update
পুনৰ নাও দুৰ্ঘটনাঃ ৭৫০ যাত্ৰীৰ ৫০০ ৰো অধিক সন্ধানহীন, ৭৯ গৰাকীৰ মৃত্যু নিশ্চিত...

পুনৰ নাও দুৰ্ঘটনাঃ ৭৫০ যাত্ৰীৰ ৫০০ ৰো অধিক সন্ধানহীন, ৭৯ গৰকীৰ মৃত্যু নিশ্চিত...

ডিজিটেল ডেস্কঃ নাইজেৰিয়াৰ পাছত এইবাৰ গ্ৰীচ। জাহাজ দুৰ্ঘটনা হৈ সলিল সমাধি ঘটিল ৭৯ গৰাকী লোকৰ। জাহাজখনত মুঠ কিমানগৰাকী যাত্ৰী আছিল তাৰো কোনো সবিশেষ তথ্য নাই।

Advertisment

উল্লেখ্য যে গ্ৰীচৰ উপকুল অঞ্চলত ডুবি যোৱা এই জাহাজখনত আছিল শৰনাৰ্থী। উদ্ধাৰকাৰীয়ে এই পৰ্যন্ত উদ্ধাৰ কৰিছে ১০৪ জন লোকক। কিন্তু আৰু কেইবা শতাধিক লোক নিৰুদ্দেশ হৈ আছে বুলি সন্দেহ কৰা হৈছে।

ইউৰোপীয় ইউনিয়নৰ সীমান্ত সংস্থা ফ্ৰণ্টেক্সে দাবী কৰা অনুসৰি দক্ষিণ গ্ৰীচ উপকুলৰ চহৰ পাইলোছৰ প্ৰায় ৮০ কিলোমিটাৰ দক্ষিণ-পশ্চিম আন্তৰ্জাতিক জলসীমাত মঙ্গলবাৰে নিশা দেখা গৈছিল এই শৰনাৰ্থী ভৰ্তি জাহাজখন।

জাহাজখনত কিমান যাত্ৰী আছিল সেয়া স্পষ্ট নহয় যদিও প্ৰায় ৭৫০ গৰাকী যাত্ৰী আছিল বুলি অনুমান কৰা হৈছে। স্থানীয় প্ৰশাসনে অনুমান কৰিছে অত্যাধিক যাত্ৰীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

ফ্ৰণ্টেক্সে দাবী কৰিছে যে, মঙ্গলবাৰে গভীৰ নিশা এই জাহাজখন প্ৰথমে দেখা গৈছিল। এক উপকুলৰক্ষী এখন জাহাজে অত্যাধিক বোজা বহণ কৰা এই শৰনাৰ্থী ভৰ্তি জাহাজখনলৈ সহায়ৰ হাত আগবঢ়াইছিল যদিও এই জাহাজখনে সেই সহায় অগ্ৰাহ্য কৰিছিল।

জাহাজখনত আছিল বিভিন্ন দেশৰ শৰনাৰ্থী। ইয়াৰ কেইঘণ্টামানৰ পাছতেই জাহাজখন ডুবি যায়। ইউৰোপীয় ইউনিয়নৰ উদ্ধাৰকাৰী দলৰ দাবী এই জাহাজখনত ৭৫০ গৰাকী যাত্ৰী আছিল।

অৱশ্যে ৰাষ্ট্ৰসংঘৰ শৰনাৰ্থী পৰিষদে দাবী কৰিছে এই জাহাজখনত আছিল ৪০০ শৰনাৰ্থী। সেয়া যিয়েই নহওক এই পৰ্যন্ত উদ্ধাৰ হোৱা লোকৰ সংখ্যা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বাদ দিলেও এতিয়াও বহু লোক যে সন্ধানহীন হৈ আছে সেয়া নিশ্চিত।

নিহত শৰনাৰ্থীসকলৰ ভিতৰত আছে ইজিপ্ত, চিৰয়া, পাকিস্তান আদিৰ লোক। উল্লেখ্য যে চলিত বছৰত কেইবাটাও বৃহৎ নাও দুৰ্ঘটনা সাক্ষী হৈছে বিশ্ব। যোৱা ফেব্ৰুৱাৰী মাহত গ্ৰীচত এক ভয়ংকৰ নাও দুৰ্ঘটনাত ৯৬ জন লোকৰ মৃত্যু হৈছিল।

মাত্ৰ কেইটামান ঘণ্টাৰ পূৰ্বে নাইজেৰিয়াত সংঘটিত হৈছিল আন এক ভয়ংকৰ নাও দুৰ্ঘটনা। য’ব বিবাহযাত্ৰীৰ ১০৩ জনৰেই মৃত্যু হৈছিল। তাৰ পাছত সংঘটিত হোৱা এই বৃহৎ দুৰ্ঘটনাই এতিয়া বিশ্ববাসীক চিন্তিত কৰি তুলিছে।

Also Read: পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

দুৰ্ঘটনা