পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক হত্যাকাণ্ড ! ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।

Advertisment

গুৱাহাটীৰ জালুকবাৰীৰ কাঠিয়াদলঙত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। বাথৰুমৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ।

আৰক্ষীয়ে সন্দেহ কৰা মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। ইয়াৰোপৰি সন্দেহ কৰা হৈছে কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি এইদৰে হত্যা কৰিলে যুৱতীগৰাকীক।

অৱশ্যে এতিয়াও এয়া নিশ্চিত নহয়। আৰক্ষীৰ সঠিক তদন্ততহে ঘটনাৰ সবিশেষ প্ৰকাশ পাব। ঘটনাস্থলীত নিশাই জালুকবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে। আনহাতে আৰম্ভ কৰিছে তদন্ত।

Also Read: শুই থকা অৱস্থাত বাসগৃহৰ সৈতে হেঁচা মাৰি ধৰিলে প্ৰকাণ্ড গছেঃ এজনৰ মৃত্যু...

অপৰাধ